নেশ্যনেল ডেস্ক, ১ ফেব্ৰুৱাৰী: কৃষকৰ স্বাৰ্থ বিৰোধী ৩ খন কৃষি আইনৰ বিৰুদ্ধে ৰাজধানী দিল্লীত অব্যাহত আছে কৃষকৰ প্ৰতিবাদ । হিংসাত্মক পৰিস্থিতি সৃষ্টি হোৱাৰ আশংকাত বৰ্তমান দিল্লী-উত্তৰ প্ৰদেশ সীমান্তত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে । দিল্লী আৰক্ষীয়ে অক্ষৰধামৰ সমীপৰ পথেৰে যাত্ৰা কৰাৰ ক্ষেত্ৰত বাধা আৰোপ কৰিছে । লগতে দিল্লী-গাজিয়াবাদৰ ২৪ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে সীমিত সংখ্যক যানবাহন চলাচল কৰিবলৈ অনুমতি প্ৰদান কৰিছে দিল্লী আৰক্ষীয়ে ।
কৃষক বিদ্ৰোহঃ দিল্লী-উত্তৰ প্ৰদেশ সীমান্তত কটকটীয়া কৰা হৈছে নিৰাপত্তা ব্যৱস্থা - তিনিখন কৃষি আইন বাতিলৰ দাবী
৬৫ দিন অতিক্ৰম কৰিলে দিল্লীৰ কৃষক বিদ্ৰোহে । তিনিখন কৃষি আইন বাতিলৰ দাবীত এতিয়াও দিল্লী সীমান্তত প্ৰতিবাদ অব্যাহত ৰাখিছে অক্লান্ত কৃষকে । সম্প্ৰতি গাজিপুৰ সীমান্তত অধিক কটকটীয়া কৰা হৈছে নিৰাপত্তা ব্যৱস্থা ।
বিগত ২-৩ দিন ধৰি প্ৰতিবাদকাৰী কৃষকে প্ৰতিবাদস্থলীৰ পৰা কিছুদূৰ আগুৱাই আহি থকাৰ বাবে গাজিপুৰ সীমান্তত অধিক কটকটীয়া কৰা হৈছে নিৰাপত্তা ব্যৱস্থা । সোমবাৰে ৬৫ দিন সম্পূৰ্ণ হ'ল দিল্লীৰ কৃষক বিদ্ৰোহৰ । বিগত বৰ্ষৰ ২৬ নৱেম্বৰৰ পৰা কৃষকে দিল্লী সীমান্তৰ কেইবাটাও স্থানত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে । উল্লেখ্য যে, কৃষকসকলে কেন্দ্ৰীয় চৰকাৰে সংশোধিত আৰু প্ৰণিত কৰা ফাৰ্মাৰ্ছ প্ৰডিউচ ট্ৰেড এণ্ড কমাৰ্চ এক্ট ২০২০, এগ্ৰীমেণ্ট অন প্ৰাইচ এছুৰেন্স এণ্ড ছাৰ্ভিচ এক্ট ২০২০ আৰু এছেনচিয়েল কমডিটিজ এক্ট বাতিলৰ দাবী জনাই আহিছে ।
লগতে পঢ়ক:বাজেটত কি কি থাকিব,কি কি নাথাকিব LIVE