নেশ্যনেল ডেস্ক, 5 ডিচেম্বৰঃকৃষি বিধেয়ক, 2020 কলৈ নতুন দিল্লীত অব্যাহত কৃষকসকলৰ প্ৰতিবাদে ভৰি দিছে দশমটো দিনত ৷ এই প্ৰতিবাদকলৈ শনিবাৰে প্ৰধানমন্ত্ৰী মোদীৰ বাসগৃহত অনুষ্ঠিত কৰা হৈছে এক বৈঠক ৷ এই বৈঠকত বিত্তমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিং আৰু কেন্দ্ৰীয় কৃষিমন্ত্ৰী উপস্থিত থাকে ৷
আজি দিনৰ 2 বজাত কৃষকসকলে কেন্দ্ৰীয় নেতৃত্বৰে এখন বৈঠকত মিলিত হ’ব ৷ এই বৈঠকত কৃষকসকলে নিজৰ প্ৰতিবাদ ত্যাগ কৰি ধনাত্মক সহাঁৰি প্ৰদান কৰিব বুলি আশা প্ৰকাশ কৰে কেন্দ্ৰীয় কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং তোমৰে ৷
ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে কেন্দ্ৰৰ সৈতে চতুৰ্থ স্তৰৰ বৈঠকত মিলিত হৈছিল কৃষকসকল ৷ আৰু এই বৈঠকতে চৰকাৰক আইনখনত কিছু সাল-সলনি কৰাৰ বাবে দাবী উত্থাপন কৰে কৃষকসকলে ৷ আনহাতে, বিগত 1 ডিচেম্বৰতো কেন্দ্ৰীয় কৃষি মন্ত্ৰণালয় আৰু অন্য নেতাৰে চাহ বৈঠকৰ প্ৰস্তাৱক নাকচ কৰে কৃষকসকলে ৷ তেওঁলোকে কয়, আমি ইয়াত চৰকাৰৰ আগত নিজ অধিকাৰ সাব্যস্ত কৰাৰ বাবে আহিছো চাহ খাবলৈকে নহয় ৷