অসম

assam

By

Published : Nov 5, 2020, 7:54 AM IST

ETV Bharat / bharat

দেশত আৰম্ভ হ’ব দ্বিতীয় লানি কৃষক বিদ্ৰোহ

শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে বলৱৎ কৰা কৃষি আইন আৰু নতুন শক্তি বিধেয়ক 2020 ৰ বিৰোধিতাৰে দেশজুৰি আৰম্ভ হ’ব দ্বিতীয় পৰ্যায়ৰ কৃষক আন্দোলন ৷ 5 নবেম্বৰত ৰাস্তা ৰোকো শীৰ্ষক চাৰি ঘন্টীয়া পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰাৰ লগতে 26 নবেম্বৰত ৰূপায়ন হ’ব দিল্লী চলো কাৰ্যসূচী ৷

দেশত আৰম্ভ হ’ব দ্বিতীয় লানি কৃষক বিদ্ৰোহ
দেশত আৰম্ভ হ’ব দ্বিতীয় লানি কৃষক বিদ্ৰোহ

নেশ্যনেল ডেস্ক, 5 নবেম্বৰ : পুনৰ আৰম্ভ হোৱাৰ দিশে কৃষক বিদ্ৰোহ ৷ সমগ্ৰ দেশৰ কৃষকে শেহতীয়াকৈ বলৱৎ হোৱা কৃষি আইনৰ বিৰোধিতাৰে দ্বিতীয় লানি আন্দোলন কৰাৰ বাবে যো-জা চলাইছে ৷ এই আইন আৰু নতুন শক্তি বিধেয়ক 2020 বাতিলৰ দাবীত বৃহস্পতিবাৰে 4 ঘন্টীয়া ‘ৰাস্তা ৰোকো প্ৰতিবাদ’ আৰু 26-27 নবেম্বৰত ‘দিল্লী চলো’ কাৰ্যসূচী হাতত লৈছে কৃষক সকলে ৷ এই প্ৰতিবাদৰ নেতৃত্ব দিছে এআইকেএছচিচি আৰু পঞ্জাৱ-হাৰিয়ানাৰ বহুকেইটা কৃষক সংগঠনে ৷

এআইকেএছচিচিৰ কৰ্মীদলে এই প্ৰতিবাদী কাৰ্যসূচী লৈ কৃষক সংগঠনে জনোৱা সমৰ্থনৰ বাবে সকলোকে স্বাগতম জনাইছে ৷ বৃহস্পতিবাৰৰ ৰাস্তা ৰোকো কাৰ্যসূচী পালন কৰা হ’ব দুপৰীয়া 12 বজাৰ পৰা বিয়লি 4 বজালৈ ৷ আনহাতে পদব্ৰজে আৰু টেক্টৰৰ সহায়ত 26 নবেম্বৰত ৰামলীলা মৈদানত ৰূপায়ন কৰা হ’ব দিল্লী চলো কাৰ্যসূচী ৷

যোৱা 27 অক্টোবৰত এআইকেএছচিচিৰ কৰ্মীদল আৰু পঞ্জাৱ-হাৰিয়ানাৰ প্ৰায় 50 টা কৃষক সংগঠনৰ মাজত হোৱা বৈঠকতে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল ৷ আন আন কৃষক সংগঠন সমূহেও এই প্ৰতিবাদলৈ সমৰ্থন আগবঢ়াইছে ৷ ৰাস্তা ৰোকো আৰু আন আন ৰাজ্যিক পৰ্যায়ৰ আন্দোলন প্ৰায় সমগ্ৰ দেশতে ৰূপায়ন কৰা হ’ব বুলি জানিব পৰা গৈছে ৷ এই সময়চোৱাত এম্বুলেঞ্চ, ৰোগী কঢ়িওৱা আন বাহন আৰু ইন্ধন পৰিবাহী বাহনৰ চলাচলত বাধা প্ৰদান কৰা নহয় ৷

লগতে পঢ়ক :তিনিচুকীয়া পালেহি কানাডাৰ পৰা অনা স্নাবিক ইউনিট যন্ত্ৰ

ABOUT THE AUTHOR

...view details