নেশ্যনেল ডেস্ক, ৪ নৱেম্বৰ: ৰাজধানী গঠনক লৈ আৰম্ভ হোৱা বিবাদে উত্তপ্ত কৰি তুলিছে অন্ধ্ৰ প্ৰদেশ । ৰাজপথলৈ ওলাই আহিছে কৃষক, মহিলাসকল । বৃহস্পতিবাৰে চতুৰ্থ দিনাৰ বাবে 'মহা পদযাত্ৰা' অব্যাহত ৰাখিলে প্ৰতিবাদী কৃষকসকলে । কেৱল অমৰাৱতীৰ পৰা ৰাজধানী স্থানান্তৰ কৰাৰ বিৰোধিতা কৰিছে কৃষকসকলে । লগতে ৰাজ্য চৰকাৰৰ তিনিখন ৰাজধানী গঠনৰ সিদ্ধান্তৰো বিৰোধিতা কৰিছে ।
ৱাই এছ আৰ চি পি চৰকাৰৰ বিৰুদ্ধে ক্ষুদ্ধ হৈ পৰিছে ৰাজ্যবাসী । সেয়ে, যোৱা ১ নৱেম্বৰৰ পৰা অমৰাৱতী যুটীয়া কাৰ্য সমিতিৰ উদ্যোগত কৃষকসকলে এই প্ৰতিবাদী কাৰ্যসূচী 'মহা পদযাত্ৰা' আৰম্ভ কৰিছে । অন্ধ্ৰ প্ৰদেশ উচ্চ ন্যায়ালয়ৰ সমীপৰ পৰা 'মহা পদযাত্ৰা' আৰম্ভ কৰা হৈছে । পৰৱৰ্তী ৪৫ দিনৰ বাবে দৈনিক ১০-১৫ কিলোমিটাৰ খোজ কাঢ়িব এই কাৰ্যসূচীত অংশগ্ৰহণ কৰা কৃষক আৰু মহিলাসকলে ।
এই 'মহা পদযাত্ৰা'ত গুণ্টুৰ, প্ৰকাশম, নেল্লোৰ আৰু চিট্টোৰ জিলাৰ ৭০ খন গাওঁ সামৰি লোৱা হ'ব আৰু ১৭ ডিচেম্বৰত তিৰুপতিত সমাপ্ত হ'ব ।