নেশ্যনেল ডেস্ক,30 মাৰ্চ: বিজেপি বিধায়ক অৰুণ নাৰাঙক শাৰীৰিকভাৱে আক্ৰমণ কৰা প্ৰতিবাদী কৃষকসকলৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হয় আৰু প্ৰতিবাদত বহা কৃষকসকলক সোমবাৰে পঞ্জাৱ আৰক্ষীয়ে তদন্তৰ আশ্বাস দিয়ে ৷ পাঞ্জাৱৰ এজন আৰক্ষী বিষয়াই কয়, "কোনো নিদোৰ্ষী ব্যক্তিক শাস্তি দিয়া ন’হব আৰু প্ৰমাণৰ আধাৰত তদন্ত কৰা হ'ব।"
আৰক্ষীৰ মতে, বিজেপি বিধায়কক উত্তেজিত কৃষকসকলৰ পৰা উদ্ধাৰ কৰিবলৈ চেষ্টা কৰোঁতে পাঞ্জাৱৰ এছ পি গুৰমেইল সিঙেও মূৰ, কিলাকুটি আৰু ভৰিত আঘাত পায় । ইয়াৰ বাবে এখন এজাহাৰ দাখিল কৰা হৈছে ।