নেশ্যনেল ডেস্ক,১৯ নৱেম্বৰ :প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে (Narendra Modi) কৃষি আইন বাতিলৰ ঘোষণা কৰাৰ লগে লগে চৌদিশে ব্যাপক আনন্দ উছাহ দেখিবলৈ পোৱা গৈছে । দীৰ্ঘদিন ধৰি প্ৰতিবাদ কৰি থকা কৃষক সংগঠনসমূহেও প্ৰধানমন্ত্ৰীৰ পদক্ষেপত আদৰণি জনাইছে । প্ৰতিবাদ অব্যাহত ৰখা কৃষকসকলে গাজিয়াবাদ সীমান্তত আনন্দত মিঠাই বিতৰণ কৰিছে । প্ৰধানমন্ত্ৰীৰ ঘোষণাৰ পাছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে প্ৰায় ৪০ টাকৈ কৃষক সংগঠনেৰে গঠিত সংযুক্ত কিষাণ মৰ্চাই (SKM) ।
প্ৰতিক্ৰিয়া হিচাপে কিষাণ মৰ্চাই প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰি কয় যে তেওঁলোকে সকলো উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখিব আৰু শীঘ্ৰেই বৈঠক অনুষ্ঠিত কৰি পৰৱৰ্তী সিদ্ধান্ত গ্ৰহণ কৰিব । সংযুক্ত কিষাণ মৰ্চাই এক বিবৃতিযোগে কয় যে তেওঁলোকে এই সিদ্ধান্তক আদৰণি জনাইছে আৰু সংসদীয় প্ৰক্ৰিয়াৰ জৰিয়তে ঘোষণাটো কাৰ্যকৰী হোৱালৈ তেওঁলোকে অপেক্ষা কৰিব । লগতে কয় যে যদি কৃষি আইন (Farm Law) আনুষ্ঠানিকভাৱে বাতিল কৰা হয়, ই ভাৰতত এবছৰ ধৰি চলি থকা কৃষক সংগ্ৰামৰ এক ঐতিহাসিক বিজয় হ'ব ।
সংগঠনটোৱে কয় যে কেৱল কেন্দ্ৰৰ তিনি কৃষি আইন বাতিল কৰাই কৃষকৰ লক্ষ্য নহয় কৃষিজাত সামগ্ৰী আৰু সকলো কৃষকৰ উন্নয়নৰ বাবেও আন্দোলন কৰা হৈছে । সেয়ে কৃষকসকলৰ গুৰুত্বপূৰ্ণ দাবী এতিয়াও বাকী আছে ।