অসম

assam

ETV Bharat / bharat

দিল্লী সীমান্তত জৰুৰীকালীন সেৱাৰ বাবে পথ মুকলি কৰিলে প্ৰতিবাদকাৰী কৃষকে - Farmers clear one side of road at Singhu border

কেন্দ্ৰীয় চৰকাৰৰ তিনিখন কৃষি আইৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰখা কৃষকসকলে অক্সিজেন যোগান ধৰা বাহনৰ বাবে সিংগু সীমান্তৰ ঘাইপথৰ এটা দিশ মুকলি কৰি দিয়ে । কৃষকসকলে পথটো খালী কৰিলেও বহুচালকৰ অভিযোগ দিল্লী আৰক্ষীয়ে এতিয়াও বেৰিকেডবোৰ আঁতৰোৱা নাই ।

দিল্লী সীমান্তত জৰুৰীকালীন সেৱাৰ বাবে পথ মুকলি কৰিলে প্ৰতিবাদকাৰী কৃষকে
দিল্লী সীমান্তত জৰুৰীকালীন সেৱাৰ বাবে পথ মুকলি কৰিলে প্ৰতিবাদকাৰী কৃষকে

By

Published : Apr 25, 2021, 6:30 PM IST

নেশ্যনেল ডেস্ক,২৫ এপ্ৰিল:দেশত কৰ'ণাৰ বাবে ভয়ংকৰ পৰিস্থিতি সৃষ্টি হৈছে । অক্সিজেনৰ নাটনিত পৰিছে কেইবাখনো ৰাজ্য । বিশেষকৈ দিল্লী চৰকাৰে বাৰে বাৰে অক্সিজেনৰ নাটনিৰ বিষয়ে ঘোষণা কৰিছে । ইয়াৰ মাজতে দিল্লী সীমান্তত অব্যাহত থকা প্ৰতিবাদী কৃষকৰ এক বিশেষ পদক্ষেপ । কেন্দ্ৰীয় চৰকাৰৰ তিনিখন কৃষি আইৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰখা কৃষকসকলে অক্সিজেন যোগান ধৰা বাহনৰ বাবে সিংগু সীমান্তৰ ঘাইপথৰ এটা দিশ মুকলি কৰি দিয়ে ।

আন্দোলনৰ নেতৃত্ব দি থকা কৃষক সংগঠনসমূহৰ একত্ৰিত সংস্থা সংযুক্ত কিষাণ মৰ্চাৰ (এছকেএম) নেতাসকলে হাৰিয়ানা চৰকাৰৰ বিষয়াসকলক সাক্ষাৎ কৰাৰ পিছতে এই সিদ্ধান্ত লোৱা হয় । হাৰিয়ানা চৰকাৰৰ সৈতে হোৱা বৈঠকত সানিপটৰ আৰক্ষী অধীক্ষক, মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ বিষয়া আৰু এছকেএমৰ কেইবাজনো নেতা উপস্থিত থাকে ।

এছকেএমৰ নেতা দৰ্শন পালে এক বিবৃতিত কয় যে সিংগু সীমান্তৰ ঘাইপথৰ এটা দিশত থকা বেৰিকেডসমূহ আঁতৰ কৰাৰ সিদ্ধান্ত লোৱা হয় যাতে অক্সিজেন, এম্বুলেন্স আৰু এনে ধৰণৰ অন্যান্য জৰুৰীকালীন সেৱাসমূহৰ লগত জড়িত বাহনসমূহ যাব পাৰে । তেওঁ লগতে কয় মহামাৰীৰ বিৰুদ্ধে তেওঁলোকে একেলগে যুঁজ দিব আৰু সাধাৰণ নাগৰিকৰ কোনো অসুবিধা নোহোৱাৰ বাবে চেষ্টা চলাব ।

ইয়াৰ মাজতে এক অভিযোগ উঠিছিল যে প্ৰতিবাদী কৃষকসকলে অক্সিজেনৰ ট্ৰাকসমূহক বাধা প্ৰদান কৰিছে । এই অভিযোগ নস্যাৎ কৰি এছকেএমৰ নেতা দৰ্শন পালে কয় যে আৰক্ষীয়ে ৰাষ্ট্ৰীয় ৰাজধানীলৈ উপযুক্ত পথ দেখুওৱাৰ পৰিৱৰ্তে প্ৰতিবাদস্থলীলৈ যোৱা পথ দেখুৱাই অক্সিজেন কঢ়িয়াই অনা ট্ৰাকসমূহক ভুল নিৰ্দেশনা দিছে ।

আনহাতে জৰুৰীকালীন সেৱাৰ বাবে থকা পথত বেৰিকেড লগোৱাৰ বাবে চৰকাৰক দোষাৰোপ কৰে নেতাজনে । অৱশ্যে কৃষকসকলে পথটো খালী কৰিলেও বহুচালকৰ অভিযোগ দিল্লী আৰক্ষীয়ে এতিয়াও বেৰিকেডবোৰ আঁতৰোৱা নাই ।

লগতে পঢ়ক:ক'ভিড সম্পৰ্কে ভুল তথ্য দিয়া সকলৰ বিৰুদ্ধে কঠোৰ টুইটাৰ কৰ্তৃপক্ষ

ABOUT THE AUTHOR

...view details