অসম

assam

18 ফেব্ৰুৱাৰীত কৃষকৰ দেশজোৰা ৰে’লপথ অৱৰোধ

By

Published : Feb 11, 2021, 10:04 AM IST

18 ফেব্ৰুৱাৰীত দেশজুৰি 4 ঘণ্টীয়া ৰে’লপথ অৱৰোধৰ কাৰ্যসূচী গ্ৰহণ কৰিছে প্ৰতিবাদী কৃষকসকলে ৷ উক্ত দিনটোতে 2019 চনত পুলৱামাত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত হোৱা দেশৰ শ্বহীদসকলৰ স্মৃতিত বন্তি প্ৰজ্বলনৰো সিদ্ধান্ত গ্ৰহণ কৰিছে দেশৰ প্ৰতিবাদী কৃষকসকলে ৷

18 ফেব্ৰুৱাৰীত দেশজুৰি ৰে'ল পথ অৱৰোধৰ সিদ্ধান্ত প্ৰতিবাদী কৃষকৰ
18 ফেব্ৰুৱাৰীত দেশজুৰি ৰে'ল পথ অৱৰোধৰ সিদ্ধান্ত প্ৰতিবাদী কৃষকৰ

নেশ্যনেল ডেস্ক,11 ফেব্ৰুৱাৰী: বুধবাৰে প্ৰতিবাদী কৃষকসকলে 18 ফেব্ৰুৱাৰীত সমগ্ৰ দেশতে ৰে’লপথ অৱৰোধৰ এক সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ সমান্তৰালকৈ 2019 চনত পুলৱামাত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত হোৱা দেশৰ শ্বহীদসকলৰ স্মৃতিত বন্তি প্ৰজ্বলনৰো সিদ্ধান্ত গ্ৰহণ কৰিছে দেশৰ প্ৰতিবাদী কৃষকসকলে ৷ কৃষক প্ৰতিবাদত সবল নেতৃত্ব দিয়া সম্যুক্ত কিষাণ মৰ্চাই এক বিবৃতিযোগে কয় যে, ৰাজস্থানত সপ্তাহজুৰি প্ৰতিবাদ সাব্যস্ত কৰা কৃষকসকলে 12 ফেব্ৰুৱাৰীত টোলগেটৰ বিৰোধিতাত প্ৰতিবাদ সাব্যস্ত কৰিব ৷

কৃষক নেতা দৰ্শন পালে কয় যে, কেন্দ্ৰীয় চৰকাৰে প্ৰণয়ন কৰা তিনিখন কৃষি আইন বাতিলৰ দাবীত 18 ফেব্ৰুৱাৰীত দেশজুৰি দুপৰীয়া 12-4 বজালৈ ৰে’লপথ অৱৰোধৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ পঞ্জাৱ, হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ হাজাৰ হাজাৰ কৃষকে দিল্লীৰ তিনিটা সীমান্তৱৰ্তী স্থান ক্ৰমে সিংগু, টিকৰি আৰু গাজিপুৰত 75 দিনৰো অধিক সময় ধৰি শিবিৰ পাতি প্ৰতিবাদ সাব্যস্ত কৰি আহিছে ৷ কিন্তু কেন্দ্ৰীয় চৰকাৰৰ কোনো গুৰুত্ব নাই ৷ যদিহে অনাগত দিনত কৃষি আইন বাতিলৰ সিদ্ধান্ত নকৰে, তেন্তে অনিৰ্দিষ্টকাললৈ এই প্ৰতিবাদ চলি থাকিব ৷ আমি কাকো ক্ষমতাৰ পৰা বিচলিত কৰিব বিচৰা নাই ৷ মাথো কৃষি আইন বাতিল হোৱাতো বিচাৰিছো ৷ যদিহে সময় থাকোতেই সমস্যা সমাধানৰ বাবে চিন্তা নকৰে তেন্তে এই আন্দোলন আৰু দীঘলীয়া হ'ব বুলি হুংকাৰ প্ৰদান কৰে দৰ্শন পালে ৷

লগতে পঢ়ক :অসমত উপস্থিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

ABOUT THE AUTHOR

...view details