অসম

assam

ETV Bharat / bharat

Farmer success story: বিলাহী বেচি কোটিপতি হ’ল কৃষক - অন্ধ্ৰ প্ৰদেশৰ চিট্টুৰ জিলাৰ এটা কৃষক

বিলাহী খেতি কৰি কোটিপতি হ’ল কৃষক ৷ অন্ধ্ৰ প্ৰদেশৰ চিট্টুৰ জিলাৰ এটা কৃষক পৰিয়ালে 22 একৰ ভূমিত কৰিছিল চাহু প্ৰজাতিৰ বিলাহী খেতি ৷

Farmer of Chittoor AP earned Rs 3 crore
Sahoo Tamato cultivation

By

Published : Jul 25, 2023, 12:41 PM IST

নেশ্যনেল ডেস্ক, 25 জুলাই : বিলাহীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণৰ মূৰত মূল্যবৃদ্ধিৰ মাধমাৰ শোধোৱাৰ সময়তে দেশৰ সংবাদ মাধ্যমৰ চৰ্চালৈ আহিছে এটা বিলাহী খেতি কৰা পৰিয়ালৰ কথা ৷ খেতি কৰি অভাৱনীয়ভাৱে লাভান্বিত হৈছে দেশৰ এটি কৃষক পৰিয়াল ৷ প্ৰচুৰ পৰিমাণে বিলাহী খেতি কৰি অন্ধ্ৰ প্ৰদেশৰ চিট্টুৰ জিলাৰ এটা কৃষক পৰিয়ালে কেৱল মাত্ৰ এমাহতে উপাৰ্জন কৰিবলৈ সক্ষম হৈছে 3 কোটি টকা ৷

গ্ৰীষ্মকালৰ পিচত বজাৰত শস্যৰ দাম হ’ব বুলি উপলব্ধি কৰি অন্ধ্ৰ প্ৰদেশৰ কৃষক পৰিয়ালটোৱে বিগত প্ৰায় দুবছৰ ধৰি বিলাহীৰ খেতি কৰিলে । জিলাখনৰ সোমালা মণ্ডলৰ কাৰাকামাণ্ডা গাঁৱৰ পি চন্দ্ৰমৌলি, তেওঁৰ কনিষ্ঠ ভাতৃ মুৰালী আৰু মাতৃ ৰাজম্মাই যৌথভাৱে এই কৃষি কাৰ্য সমাপন কৰে বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে । কৃষক পৰিয়ালটোৰ গৃহ চহৰ কাৰাকামাণ্ডাত 12 একৰ আৰু পুলিচেৰলা মণ্ডলৰ ছুৱাৰাপুৱৰীপল্লেত 20 একৰ কৃষি ভূমি আছে বুলি জানিবলৈ দিয়ে ।

সফল কৃষক পি চন্দ্ৰমৌলি

চন্দ্ৰমৌলিয়ে অহৰহ আধুনিক কৃষি পদ্ধতি, নতুন কৌশল, বিপণন কৌশলৰ সন্দৰ্ভত চিন্তা-চৰ্চা অব্যাহত ৰাখে বুলি জানিবলৈ দিয়ে । গ্ৰীষ্মকালৰ পিচত অহা বিলাহী খেতিৰ উৎপাদনে ভাল হোৱাৰ লগতে ভাল মূল্য পাবলৈ সক্ষম হৈছে বুলি উপলব্ধি কৰি এপ্ৰিল মাহত খেতি আৰম্ভ কৰাৰ সময়ত জুন মাহৰ ভিতৰত উৎপাদন আৰম্ভ হোৱাৰ বাবে যত্ন লোৱা হৈছে বুলি উল্লেখ কৰে ।

7 এপ্ৰিলৰ দিনা 22 একৰ মাটিত চাহু জাতৰ বিলাহী গছ ৰোপণ কৰা হয় । খেতিত মালচিং আৰু মাইক্ৰ’-ইৰিগেচন পদ্ধতি অনুসৰণ কৰা হৈছিল । জুন মাহৰ শেষৰ ফালে উৎপাদন আৰম্ভ হৈছিল । জিলাখনৰ ওচৰৰ কৰ্ণাটকৰ কোলাৰ বজাৰত উৎপাদিত সামগ্ৰীবোৰ বিক্ৰী কৰা হৈছিল ৷

কোলাৰ বজাৰত 15 কেজি বিলাহী বাকচৰ দাম 1000 টকাৰ পৰা 1500 টকাৰ ভিতৰত । এতিয়ালৈকে 40,000 বাকচ বিক্ৰী কৰি 4 কোটি টকা উপাৰ্জন কৰা হৈছে বুলি কৃষকজনে কয় । সফল কৃষকজনে প্ৰতি একৰত 3 লাখ টকাৰ বিনিয়োগ কৰি 22 একৰত 70 লাখ টকা, বজাৰত লাভ 20 লাখ টকা, পৰিবহণ ব্যয় 10 লাখ টকা আৰু আয় 3 কোটি টকা কৰিবলৈ সক্ষম হয় বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে ৷

লগতে পঢ়ক :Rampur teens accident : মৰ্মান্তিক ! ৰাস্তাৰ কুকুৰক বচাবলৈ গৈ মৃত্যু 3 জনৰ

ABOUT THE AUTHOR

...view details