নেশ্যনেল ডেস্ক, ৭ এপ্ৰিল :বিগত বছৰৰ পৰা আৰম্ভ হোৱা কৃষক আন্দোলন এতিয়াও অব্যাহত আছে গাজীপুৰকে ধৰি দিল্লীৰ বিভিন্ন সীমান্তত । আন্দোলনৰ প্ৰাৰম্ভিক পৰ্যায়ত গাজীপুৰ সীমান্তত বৃহৎ সংখ্যক কৃষকৰ ভিৰ দেখা গৈছিল । এফালে, বিৰোধী ৰাজনৈতিক দলসমূহৰ নেতাসকলেও কৃষক আন্দোলনক সমৰ্থন কৰিবলৈ অহা দেখিবলৈ পোৱা গৈছিল । ভিন্ন দল-সংগঠনে প্ৰতিবাদক সমৰ্থন দিয়াৰ লগতে গাঁৱৰ শ শ কৃষকে ট্ৰেক্টৰ লৈ প্ৰতিবাদস্থলীত উপস্থিত হৈছিল ।
ফেব্ৰুৱাৰী মাহৰ পৰা কৃষক নেতা তথা ৰাজনীতিবিদ আৰু ভাৰতীয় কিষাণ সংঘৰ মুখপাত্ৰ ৰাকেশ টিকেইতে 'মহাপঞ্চায়ত' আয়োজন কৰি আহিছে । আনকি বিভিন্ন ৰাজ্যত তেওঁৰ সমদলে স্পষ্ট কৰি দিছিল যে কৃষকৰ প্ৰতিবাদ কেৱল দিল্লীতে সীমাবদ্ধ থকা নাই ।