নিউজ ডেস্ক, 1 জুলাই :দক্ষিণৰ চুপাৰষ্টাৰ ৰজনীকান্তৰ এগৰাকী অনুৰাগীয়ে অভিনেতাগৰাকীক ৰাজনীতিলৈ আহিব লাগে বুলি দাবী জনাই বৃহস্পতিবাৰে আত্মহননৰ চেষ্টা চলায় ৷ উল্লেখ্য যে, দক্ষিণৰ চুপাৰষ্টাৰ ৰজনীকান্তে 29 ডিচেম্বৰত নিজৰ ৰাজনৈতিক দল ঘোষণাৰ দুদিন পূৰ্বে টুইটাৰত তিনি পৃষ্ঠাজোৰা এখন পত্ৰ প্ৰকাশ কৰি ৰাজনীতিত প্ৰৱেশ নকৰাৰ কথা ঘোষণা কৰে ৷ অভিনেতাগৰাকীয়ে তেওঁৰ স্বাস্থ্যৰ অৱস্থাত সুস্থিৰ নোহোৱাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে ৷
ৰজনীকান্তৰ এই সিদ্ধান্ত তেওঁৰ অনুৰাগীৰ বাবে এটা ডাঙৰ আঘাত আছিল ৷ অভিনেতাগৰাকীৰ একাংশ অনুৰাগীয়ে তেওঁৰ সিদ্ধান্তক সমৰ্থন কৰাৰ বিপৰীতে আন একাংশই তেওঁক ৰাজনীতিত বাবে আহিবলৈ দাবী জনাই ঘৰৰ সন্মুখত বাহৰ পাতে । এই পৰিস্থিতিৰ মাজতেই বৃহস্পতিবাৰে বিয়লি 3.45 বজাত মুৰুগেচন (55) নামৰ এজন অনুৰাগীয়ে ৰজনীকান্তক ৰাজনীতিলৈ আহিবলৈ দাবী জনাই নিজৰ শৰীৰত অগ্নি সংযোগ কৰি আত্মহননৰ চেষ্টা কৰে ৷