নিউজ ডেস্ক, 14 জুলাই : বিখ্যাত পাঞ্জাৱী গায়ক ডালেৰ মেহেন্দীক মানৱ সৰবৰাহৰ গোচৰত বৃহস্পতিবাৰে পঞ্জাৱ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷ পঞ্জাৱৰ পাটিয়ালা আদালতে 19 বছৰ পুৰণি এক গোচৰৰ শুনানী গ্ৰহণ কৰি পাঞ্জাৱী গায়কগৰাকীক 2 বছৰৰ কাৰাদণ্ড বিহে(Daler Mehndi sentenced two years in human trafficking case) ৷ পাটিয়ালা আদালতৰ এই ৰায়দানৰ পাছত পঞ্জাৱ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে গায়কগৰাকীক(Famous Punjabi singer Daler Mehndi arrested) ৷
ডালেৰ মেহেন্দীৰ বিৰুদ্ধে 2003 চনত মানৱ সৰবৰাহৰ এক গোচৰ ৰুজু কৰা হৈছিল ৷ 2003 চনৰ 19 ছেপ্টেম্বৰত ডালেৰ মেহেন্দীৰ জ্যেষ্ঠ ভাতৃ শ্বামছেৰ মেহেন্দীৰ বিৰুদ্ধে কবুতৰ পেল্টিং মিউজিক বেণ্ডৰ জৰিয়তে লোকসকলক অবৈধভাৱে বিদেশলৈ লৈ যোৱাৰ অভিযোগ উত্থাপিত হৈছিল ৷ এই সন্দৰ্ভত শ্বামছেৰ মেহেন্দীৰ বিৰুদ্ধে এজাহাৰ দাখিলো কৰা হৈছিল ।