অসম

assam

Shootout at Park Circus : পশ্চিমবংগৰ কালিম্পঙত কনিষ্টবলৰ আত্মহত্যা

By

Published : Jun 11, 2022, 2:24 PM IST

পশ্চিমবংগৰ কালিম্পং জিলাত চাঞ্চল্যকৰ ঘটনা । পাৰ্ক চাৰ্কাছত গুলীচালনা কৰাৰ লগতে নিজকে গুলীয়াই আত্মহত্যা কৰে কনিষ্টবল স্বৰূপ লেপচাই (Constable Chedup Lepcha commits suicide in Kolkata)। কনিষ্টবলৰ মানসিক স্থিতিক লৈ প্ৰশ্ন উত্থাপন । পৰিয়ালৰ লোকে সমগ্ৰ ঘটনাক লৈ বিভিন্ন ধৰণ সন্দেহ প্ৰকাশ কৰিছে ।

Shootout at Park Circus
কালিম্পঙত কনিষ্টবলৰ আত্মহত্যা

নেশ্যনেল ডেস্ক,১১ জুন :এগৰাকী কনিষ্টবলৰ আত্মহত্যাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে পশ্চিমবংগত । কলকাতাৰ পাৰ্ক চাৰ্কাছত সংঘটিত হৈছিল এই ঘটনাটো (Shootout at Park Circus)। বাংলাদেশ উচ্চায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখতে প্ৰথমে গুলীচালনা কৰে আৰু পাছত আত্মহত্যা কৰে স্বৰূপ লেপচা নামৰ আৰক্ষী কনিষ্টবলগৰাকীয়ে (Constable Chedup Lepcha commits suicide in Kolkata)। কালিম্পঙৰ বাসিন্দা কনিষ্টবলগৰাকীৰ মানসিক স্থিতিক লৈ বিভিন্ন মহলত প্ৰশ্ন উত্থাপন হৈছে ।

অৱশ্যে কনিষ্টবল স্বৰূপৰ পৰিয়ালে এই ঘটনাক সহজভাৱে ল'ব পৰা নাই । কোনো অজ্ঞাত হতাশাৰ বাবেই স্বৰূপ আত্মহত্যাৰ দৰে চৰম পন্থা হাতত লোৱা কথাটোও বিশ্বাস কৰিব নাই তেওঁৰ পৰিয়ালে (Family of died police personnel mourns on his sudden death)। স্বৰূপ লেপচাৰ পৰিয়ালে দাবী কৰা মতে তেওঁৰ কোনো হতাশা নাছিল । আনকি পৰৱৰ্তী ছুটীত ঘৰলৈ আহি বিয়া পাতিব বুলিও কৈছিল স্বৰূপে ।

ইফালে কনিষ্টবলগৰাকী পিতৃৰ চাকৰিটো পাইছিল । পৰিয়ালৰ মতে চাকৰি পোৱাৰ পাছত কোনো হতাশা নাছিল স্বৰূপৰ । আনকি বন্ধত ঘৰলৈ আহি যোৱা বুধবাৰে পুনৰ কামত যোগদান কৰিছিল কনিষ্টবল স্বৰূপে ৷

চাকৰিত যোগদানৰ বাবে যোৱাৰ পূৰ্বে স্বৰূপে বিয়াত ভনীয়েকক এখন নতুন স্কুটি কিনি দিয়াৰো প্ৰতিশ্ৰুতি দিছিল । তেনে পৰিস্থিতিত স্বৰূপৰ আত্মহত্যাই পৰিয়ালক উদ্বিগ্ন কৰি তুলিছে । কেৱল পৰিয়ালেই নহয়, চুবুৰীয়াও স্বৰূপৰ এই কৰুণ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে ৷ সকলোৱে এই ঘটনাৰ আঁৰত কোনো ৰহস্য থকাৰ কথা সন্দেহ কৰিছে । ইফালে কনিষ্টবলগৰাকীৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ পাছত শনিবাৰে লোলেবস্তিৰ ঘৰলৈ অনা হ'ব ।

লগতে পঢ়ক :শ্বাৰ্জিল ইমামৰ অন্তৱৰ্তীকালীন জামিনৰ আদেশ স্থগিত

ABOUT THE AUTHOR

...view details