নিউজ ডেস্ক, ১৮ এপ্ৰিল :গেংষ্টাৰ আতিক আহমেদ আৰু তেওঁৰ ভাতৃ আশ্ৰফক হত্যা কৰা তিনিজন শ্বুটাৰৰ ভিতৰৰ এজন হৈছে বান্দা জিলাৰ প্ৰয়াগৰাজৰ লাভলেশ তিৱাৰী (gangster Atiq Ahmed murder case) । আৰক্ষীয়ে ইতিমধ্যে তিনিওজনকে গ্ৰেপ্তাৰ কৰিছে (Atiq Ahmeds shooter Atiq Ahmed) । আনহাতে, দেওবাৰে লাভলেশৰ পৰিয়ালৰ সুৰক্ষাৰ বাবে বান্দাত আৰক্ষী মোতায়েন কৰা হয় । তাৰ মাজতে সোমবাৰে লাভলেশৰ পৰিয়ালে ঘৰত তলামাৰি পলায়ন কৰে । যিটো বৰ্তমান সমগ্ৰ জিলাখনৰ মানুহৰ মাজতে আলোচনাৰ বিষয় হৈ পৰিছে (Shooter Lavlesh Tiwaris family left home) ।
আনহাতে, জানিব পৰা মতে আতিক আহমেদৰ হত্যাকাৰীৰ পৰিয়ালে নিৰন্তৰ ভাবুকিৰ সন্মুখীন হৈ আছে । ইয়াৰ পিচতে তেওঁলোকে নিজৰ বাসস্থানবোৰ খালী কৰি গেংষ্টাৰৰ অনুগামীসকলৰ সম্ভাৱ্য আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ দূৰৈৰ ঠাইলৈ গুচি গৈছে । ইতিমধ্যে শ্বুটাৰ অৰুণ মৌৰ্যৰ পৰিয়ালৰ সদস্যই কাচানগজত থকা তেওঁলোকৰ ঘৰ এৰি ক'ৰবালৈ গুচি গৈছে । আনকি তিনিজন শ্বুটাৰকে প্ৰয়াগৰাজৰ নয়নী কেন্দ্ৰীয় কাৰাগাৰৰ পৰা প্ৰতাপগড় জিলা কাৰাগাৰলৈ স্থানান্তৰিত কৰা হৈছে (Atiq Ahmeds Shooters family left home) ।