অসম

assam

ETV Bharat / bharat

কুম্ভমেলাত ভুৱা ক’ভিড পৰীক্ষণ সন্দৰ্ভত EDৰ অভিযান

চলিত বৰ্ষৰ মাৰ্চ মাহত হৰিদ্বাৰত অনুষ্ঠিত হৈছিল কুম্ভমেলা । কুম্ভমেলাৰ বাবে ক'ভিড-১৯ৰ পৰীক্ষা বাধ্যতামূলক কৰা হৈছিল ৷ অভিযোগ অনুসৰি, হৰিদ্বাৰত কুম্ভমেলাৰ সময়ত সংঘটিত হৈছিল ভুৱা ক’ভিড পৰীক্ষণ আৰু উক্ত ক’ভিড পৰীক্ষণত হৰিদ্বাৰৰ প্ৰকৃত ক'ভিড আক্ৰান্তৰ হাৰ ভুলকৈ প্ৰকাশ কৰা হৈছিল ৷

False negative testing by labs led to positivity error during Kumbh Mela: ED
কুম্ভমেলাৰ সময়ত ভুৱা ক’ভিড পৰীক্ষণৰ সন্দৰ্ভত ইডিৰ অভিযান

By

Published : Aug 7, 2021, 2:11 PM IST

নেশ্যনেল ডেস্ক, 7 আগষ্ট : উত্তৰাখণ্ডৰ হৰিদ্বাৰত কুম্ভমেলাৰ সময়ত ভুৱা ক’ভিড পৰীক্ষণ কৰা অভিযোগ সন্দৰ্ভত শুকুৰবাৰে Enforcement Directorateএ ৫ খন চহৰৰ ৫ টা পৰীক্ষাগাৰত তালাচী অভিযান চলায় । অভিযোগ অনুসৰি, উক্ত পৰীক্ষাগাৰত কৰা ক’ভিড পৰীক্ষণত হৰিদ্বাৰৰ প্ৰকৃত ক'ভিড আক্ৰান্তৰ হাৰ ভুলকৈ প্ৰকাশ কৰা হৈছিল ৷ প্ৰকৃততে ক'ভিড আক্ৰান্তৰ হাৰ 5.3 শতাংশ আছিল যদিও পৰীক্ষাগাৰত আক্ৰান্তৰ হাৰ 0.18 শতাংশ বুলি দেখুওৱা হৈছিল । এই অভিযানত EDএ সম্পত্তি, ভুৱা বিল, লেপটপ, ম'বাইল আৰু নগদ 30.09 লাখ টকাসহ বহু আপত্তিজনক নথিপত্ৰ জব্দ কৰে ।

উত্তৰাখণ্ড আৰক্ষীয়ে ধনৰ লেনদেন সন্দৰ্ভত দাখিল কৰা এজাহাৰৰ ভিত্তিত EDএ এই তদন্ত আৰম্ভ কৰিছিল । EDৰ বিষয়ববীয়াই সদৰী কৰা অনুসৰি, এই পৰীক্ষণত নাম উল্লেখ থকা লোকসকল কুম্ভমেলাৰ বাবে হৰিদ্বাৰলৈ যোৱা নাছিল । সংস্থাটোৱে লগতে উল্লেখ কৰা অনুসৰি, উপৰোক্ত পৰীক্ষাগাৰসমূহক উত্তৰাখণ্ড চৰকাৰে কুম্ভমেলাৰ সময়ত ৰেপিড এণ্টিজেন পৰীক্ষা আৰু আৰটি-পিচিআৰ পৰীক্ষণ কৰাৰ বাবে অনুমতি প্ৰদান কৰিছিল ।

অভিযোগ অনুসৰি, পৰীক্ষাগাৰসমূহে ক’ভিডৰ পৰীক্ষণৰ বাবে নিৰ্দিষ্ট ৰেপিড এণ্টিজেন টেষ্ট আৰু আৰটি-পিচিআৰ পৰীক্ষণ কৰাৰ পৰিৱৰ্তে ভুৱা প্ৰমাণপত্ৰ উলিয়াই অধিক মুনাফা অৰ্জন কৰিছিল ৷ আনহাতে উত্তৰাখণ্ড চৰকাৰে ইতিমধ্যে পৰীক্ষাগাৰসমূহক ক’ভিডৰ পৰীক্ষণৰ বাবে ৩.৪ কোটি টকা প্ৰদান কৰিছে ।

EDএ উত্তৰাখণ্ডৰ ডেৰাডুন, হৰিদ্বাৰ, দিল্লী, নয়ডা আৰু হিছাৰস্থিত Novus Path Labs, DNA Labs, Max Corporate Services, Dr Lal Chandani Labs Pvt Ltd and Nalwa Laboratories Pvt Ltdত অভিযান চলাইছিল । এই ঘটনা সন্দৰ্ভত অভিযান অব্যাহত ৰখা হৈছে বুলি EDএ জানিবলৈ দিছে ৷

লগতে পঢ়ক :খেলৰত্ন বঁটাৰ নাম সলনি : কেন্দ্ৰৰ সিদ্ধান্তক myopic আখ্যা কংগ্ৰেছৰ

ABOUT THE AUTHOR

...view details