ত্ৰিপুৰা,10 এপ্ৰিল: ত্ৰিপুৰাৰ ছাপাহিজালা জিলাৰ চনামূৰা অঞ্চলত শুকুৰবাৰে আৰক্ষীয়ে নকল নোট বেংকত জমা থবলৈ অহা এগৰাকী মহিলাক আটক কৰিছে ৷ জিলাখনৰ ৰবীন্দ্ৰ নগৰৰ বাসিন্দা মহিলাগৰাকীয়ে চনামূৰাস্থিত ভাৰতীয় ষ্টেট বেংকৰ শাখাত থকা একাউণ্টত জমা থবলৈ লৈ আহিছিল নগদ 2 লাখ 45 হাজাৰ টকা ৷ টকা জমা লোৱা বেংক কৰ্মচাৰীজনৰ ধনৰাশিৰ ভিতৰত 100 খন 500 টকীয়া জাল নোট থকা বুলি সন্দেহ হয় ৷ পৰৱৰ্তী সময়ত বিত্তীয় লেনদেনকাৰী বিষয়াজনে বেংকৰ উৰ্ধতম কৰ্তৃপক্ষক ঘটনা সন্দৰ্ভত অৱগত কৰে ৷ বেংকৰ শাখা পৰিচালকগৰাকীয়েও নোটখিনি পুনৰ পৰীক্ষা কৰি জাল নোট বুলি নিশ্চিত হয় ৷ পৰৱৰ্তী সময়ত বেংক কৰ্তৃপক্ষই আৰক্ষীক খবৰ দিয়াৰ লগতে লিখিত অভিযোগ দাখিল কৰে ৷
ইফালে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰোৱায় ৷ আদালতে মহিলাগৰাকীক জেল হাজোতলৈ প্ৰেৰণ কৰাৰ নিৰ্দেশ দিয়ে ৷