অসম

assam

ETV Bharat / bharat

Faizan Ansari Issue : ফৈজান আনছাৰী ISIS-ৰ সৈতে জড়িত; নিশ্চিত কৰিলে আলিগড় মুছলিম বিশ্ববিদ্যালয়ে

ফৈজান আনছাৰীক NIA-য়ে ঝাৰখণ্ডৰ লোহাৰডাগাৰ পৰা গ্ৰেপ্তাৰ কৰিছিল । তেওঁৰ পৰা কেইবাটাও বৈদ্যুতিক সঁজুলি আৰু আপত্তিজনক নথি-পত্ৰ উদ্ধাৰ কৰা হৈছিল । আলিগড় মুছলিম বিশ্ববিদ্যালয়ত অধ্যয়ন কৰাৰ নিশ্চিতিৰ পিছত বিশ্ববিদ্যালয় প্ৰশাসনে তেওঁক বহিষ্কাৰ কৰাৰ বাবে ব্যৱস্থা আৰম্ভ কৰিছে ।

Faizan Ansari Issue
Faizan Ansari Issue

By

Published : Jul 21, 2023, 4:03 PM IST

নিউজ ডেস্ক, ২১ জুলাই : আলিগড় মুছলিম বিশ্বাবিদ্যালয়ৰ ছাত্ৰ ফৈজান আনছাৰীৰ ISIS-ৰ সৈতে সম্পৰ্ক থকা বুলি পূৰ্বতে সন্দেহ কৰা হৈছিল । কিন্তু এই কথা এতিয়া স্পষ্ট হৈ পৰিছে । ISIS-ৰ সৈতে সম্পৰ্ক থকা ফৈজান আনছাৰীক NIA-য়ে ঝাৰখণ্ডৰ লোহাৰডাগাৰ পৰা গ্ৰেপ্তাৰ কৰিছিল । ফৈজান আনছাৰী ডাৰ্ক নেটৰ জৰিয়তে ভাৰত আৰু বিদেশৰ ISIS এজেণ্টৰ সৈতে যোগাযোগত আছিল । তেওঁৰ সংযোগ উত্তৰ প্ৰদেশৰ আলিগড়ৰ পৰাও উদ্ভৱ হৈছে । উল্লেখ্য, ফৈজান হৈছে আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ বিএ অৰ্থনীতিৰ প্ৰথম বৰ্ষৰ ছাত্ৰ । এইকথা আলিগড় মুছলিম বিশ্ববিদ্যালয় কৰ্তৃপক্ষই নিশ্চিত কৰিছে । ফৈজান হৈছে লোহাৰডাগাৰ মিল্লাট কল'নিৰ বাসিন্দা । তেওঁৰ পিতৃ ফিৰোজ আনছাৰী বিএছএনএলৰ এজন ঠিকাভিত্তিক কৰ্মচাৰী ।

ISIS-ৰ সৈতে সম্পৰ্ক থকা ফৈজান আনছাৰী আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ ছাত্ৰ বুলি নিশ্চিত কৰি বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ বিষয়া প্ৰফেছৰ ৱাছিম আলীয়ে কয় যে ফৈজান আনছাৰীয়ে বিএ প্ৰথম বৰ্ষত অৰ্থনীতি বিষয়ত নামভৰ্তি কৰিছিল । এই নামভৰ্তি ২০২২-২৩ বৰ্ষৰ বাবে লোৱা হৈছিল । তেওঁ এবছৰ ধৰি তাত পঢ়ি আছিল । তেওঁৰ নামত এছ এছ নৰ্থ হোষ্টেলত কোঠা আবণ্টন কৰা হৈছিল । অৱশ্যে অপেক্ষাৰ তালিকাত থকাৰ বাবে তেওঁ কোঠা পোৱা নছিল । যাৰ বাবে তেওঁ বাহিৰত এটা ভাড়াঘৰত বাস কৰিছিল ।

তেওঁ লগতে কয় যে ফাইজান ঝাৰখণ্ডৰ বাসিন্দা । নামভৰ্তিৰ সময়ত তেওঁ ৰাঁচীৰ ঠিকনা দিছিল । অৱশ্যে হোষ্টেলৰ বাবে তেওঁ ঝাৰখণ্ডৰ লোহাৰডাগা ঠিকনা দিছিল । অৱশ্যে এতিয়ালৈকে NIA-ৰ সৈতে কোনো সম্পৰ্ক স্থাপন হোৱা নাই । কিন্তু সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, ইতিমধ্যে কাৰ্যব্যৱস্থা আৰম্ভ কৰা হৈছে । এই বিষয়ত বিশ্ববিদ্যালয়খনে দৃষ্টি ৰাখিছে । আৰক্ষীয়ে যি সহযোগিতা বিচাৰে বিশ্ববিদ্যালয় প্ৰশাসনে সেয়া প্ৰদান কৰিব বুলি জনাইছে । আনহাতে, কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাই গ্ৰহণ কৰা পদক্ষেপসমূহো নিৰীক্ষণ কৰা হৈছে । উল্লেখ্য যে ফাইজানক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে আৰু বিশ্ববিদ্যালয় প্ৰশাসনেও ফৈজানক বহিষ্কাৰ কৰাৰ ব্যৱস্থা আৰম্ভ কৰিছে ।

আলিগড়ৰ এটা ভাড়াঘৰত বাস কৰা ১৯ বছৰীয়া ছাত্ৰ ফৈজানে ISIS-ৰ সহযোগত এক হিংসাত্মক পদক্ষেপৰ পৰিকল্পনা কৰি আছিল । NIA-য়ে দেওবাৰে আৰু সোমবাৰে তাত তালাচী চলায় । তালাচীৰ সময়ত বহুতো বৈদ্যুতিক সঁজুলি আৰু আপত্তিজনক নথিপত্ৰ উদ্ধাৰ কৰা হয় । অনুসন্ধানত পোৱা গৈছে যে ফৈজানে ইছলামিক ষ্টেটৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি আহিছিল । তেওঁ নিজৰ ঘৰৰ পৰাই ইছলামিক জিহাদৰ ওপৰত সক্ৰিয় হৈ আছিল । কেইদিনমানৰ পূৰ্বে তেওঁ লোহাৰডাগাত থকা ঘৰলৈ গৈছিল । তাত NIA দলটোৱে তালাচী চলাই তেওঁক গ্ৰেপ্তাৰ কৰিছিল ।

লগতে পঢ়ক :Manipur Naked Women Row : মণিপুৰত মহিলাক উলংগ কৰা মুখ্য অভিযুক্তৰ ঘৰত অগ্নিসংযোগ

ABOUT THE AUTHOR

...view details