অসম

assam

ETV Bharat / bharat

দাউদ ইব্ৰাহীমৰ সৈতে নৱাব মালিকৰ সম্পৰ্কৰ তথ্য মুকলি কৰিলে ফাডনাভিছে - মুম্বাই বোমা বিস্ফোৰণ

সম্প্ৰতি বিজেপি নেতা দেৱেন্দ্ৰ ফাডনাভিছ আৰু এনচিপিৰ নেতা নৱাব মালিকৰ মাজৰ সংঘাতে ব্যাপক চৰ্চা লাভ কৰিছে । ইয়াৰ মাজতে ভাৰতীয় জনতা পাৰ্টিৰ নেতা দেৱেন্দ্ৰ ফাডনাভিছৰ বিস্ফোৰক মন্তব্য । মাফিয়া দাউদ ইব্ৰাহীমৰ সৈতে নৱাব মালিকৰ সম্পৰ্কৰ কথা মুকলি কৰিলে ফাডনাভিছে ।

Devendra Fadnavis
দাউদ ইব্ৰাহীমৰ সৈতে নৱাব মালিকৰ সম্পৰ্কৰ তথ্য মুকলি কৰিলে ফাডনাভিছে

By

Published : Nov 9, 2021, 6:10 PM IST

নেশ্যনেল ডেস্ক,৯ নৱেম্বৰ :সম্প্ৰতি ভাৰতীয় জনতা পাৰ্টিৰ নেতা দেৱেন্দ্ৰ ফাডনাভিছ (Devendra Fadnavis) আৰু নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টিৰ নেতা তথা মন্ত্ৰী নৱাব মালিকৰ (Nawab Malik) মাজত তীব্ৰ সংঘাতৰ বাতৰিয়ে শিৰোনাম দখল কৰিছে । ইজনে সিজনক কৰা অভিযোগ আৰু প্ৰতিঅভিযোগে দেশৰ ৰাজনীতিত ব্যাপক উত্তেজনাৰ সৃষ্টি কৰিছে ।

দীপাৱলীৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি পালন কৰি পুনৰ বিজেপিৰ নেতা দেৱেন্দ্ৰ ফাডনাভিছে নৱাব মালিকৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য কৰিছে । পলাতক মাফিয়া দাউদ ইব্ৰাহীম কাস্কৰ (Dawood Ibrahim Kaskar) আৰু নৱাব মালিকে কেনেদৰে দুই গুণ্ডাৰ সৈতে ভূমিৰ চুক্তি কৰিছিল সেই বিষয় ৰাজহুৱা কৰিলে বিজেপিৰ নেতা দেৱেন্দ্ৰ ফাডনাভিছে ।

সংবাদ মাধ্যমৰ সন্মুখত ১৬ বছৰ পুৰণি চুক্তিৰ নথি মুকলি কৰি ফাডনাভিছে কয় যে, নৱাব মালিকৰ সৈতে সম্পৰ্ক থকা ছলিডাছ ইনভেষ্টমেণ্টছ প্ৰাইভেট লিমিটেড (Solidus Investments Pvt Ltd) নামৰ এটা কোম্পানীয়ে কুৰ্লাত এম চেলিম ইছাক পেটেল আৰু চৰ্দাৰ শ্বাহভালী খানৰ সৈতে ভূমি লেনদেন চুক্তি সম্পন্ন কৰিছিল । ফাডনাভিছৰ অভিযোগ এম চেলিম ইছাক পেটেল দাউদৰ ঘনিষ্ঠ সহায়ক আৰু চৰ্দাৰ শ্বাহভালী খান হৈছে ১৯৯৩ চনৰ মাৰ্চ মাহৰ মুম্বাই বোমা বিস্ফোৰণৰ এগৰাকী দোষী ।

উচিত তদন্তৰ দাবী জনাই মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ফাডনাভিছে কয় যে, কুৰ্লাৰ এলবিএছ মাৰ্গত কেইবা কোটি টকাৰ ভূমি নৱাব মালিকৰ এছ আই পি এল কোম্পানীয়ে মাত্ৰ ৩০ লাখ টকাত ক্ৰয় কৰিছিল । য'ত মন্ত্ৰী নৱাব মালিকৰ পুত্ৰ ফাৰাজ মালিকে স্বাক্ষৰ কৰিছিল । ফাডনাভিছে কোৱা মতে চৰ্দাৰ শ্বাহৱলী খান আজীৱন কাৰাদণ্ডৰে দ্বণ্ডিত এজন অপৰাধী আনহাতে এম চেলিম ইছাক পেটেল দাউদৰ ভগ্নী প্ৰয়াত হাছিনা পাৰ্কাৰৰ এজন প্ৰাক্তন চালক, দেহৰক্ষী আৰু ফ্ৰণ্টমেন আৰু তেওঁৰ পাৱাৰ অফ এটৰ্ণী (PoA)ও আছিল ।

সেয়েহে, মুম্বাইৰ লোকসকলক হত্যা কৰা এনে ব্যক্তিসকলৰ সৈতে মালিকে ব্যৱসায়িক চুক্তি কৰাৰ প্ৰয়োজনীয়তা কি আছিল বুলি প্ৰশ্ন কৰে বিজেপি নেতাগৰাকীয়ে । ফাডনাভিছে অভিযোগ কৰে যে, এই লেনদেন আৰু আন চাৰিটা একে ধৰণৰ চুক্তিয়ে প্ৰমাণ কৰে যে মালিকৰ আণ্ডাৰৱৰ্ল্ড আৰু দেশবিৰোধী উপাদানৰ সৈতে সম্পৰ্ক আছে । আনহাতে, উপযুক্ত প্ৰমাণ থকা নথিপত্ৰসমূহ এনচিপিৰ (NCP) সভাপতি শৰদ পাৱাৰক (Sharad Pawar) হস্তান্তৰ কৰাৰো প্ৰতিশ্ৰুতি দিয়ে ফাডনাভিছে ।

লগতে পঢ়ক :নিৰ্দিষ্ট সময়ত সম্পূৰ্ণ টীকাকৰণৰ বাবে বিশেষ পদক্ষেপ লৈছে ত্ৰিপুৰা চৰকাৰে

ABOUT THE AUTHOR

...view details