নেশ্যনেল ডেস্ক,৮ মে' :শ্ৰীলংকাৰ জৰুকালীন অৱস্থাই সমগ্ৰ বিশ্ববাসীকে চিন্তিত কৰি তুলিছে । ইয়াৰ মাজতে চুবুৰীয়া দেশ ভাৰতত এক বিশেষ বাতৰিয়ে চৰ্চা লাভ কৰিছে । বাতৰি অনুসৰি ভাৰতে ক্ৰেডিট লাইনৰ অধীনত শ্ৰীলংকাক ১ বিলিয়ন আমেৰিকান ডলাৰৰ ৱাটাৰ কেনন বাহন (water cannon vehicle) যোগান ধৰিছে ।
শ্ৰীলংকাৰ তীব্ৰ সংকটৰ মাজত এই বাতৰি ভাইৰেল হৈ পৰাৰ পাছতে সমগ্ৰ বিশ্বত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । কিন্তু এই বাতৰি মিছা বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভাৰতে (India denies sending water canon vehicles to Sri Lanka)। এই খবৰ তথ্যগতভাৱে ভুল বুলি উল্লেখ কৰিছে উচ্চ আয়োগে । ভাৰতৰ এনে অভিযানে শ্ৰীলংকাই সন্মুখীন হৈ থকা প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰাৰ বাবে সহযোগিতা আৰু প্ৰচেষ্টাত কোনো গঠনমূলক অৱদান আগ নবঢ়াই বুলিও উল্লেখ কৰা হৈছে । ভাৰতীয় উচ্চ আয়োগে টুইটযোগে এই বাতৰি মিছা বুলি উল্লেখ কৰে ।
উচ্চ আয়োগে জনোৱা মতে ১ বিলিয়ন আমেৰিকান ডলাৰৰ ৰেহাই ঋণৰ অধীনত ভাৰতে চুবুৰীয়া দেশ শ্ৰীলংকাক বিভিন্ন সামগ্ৰীহে যোগান ধৰিছে । এক বিবৃতিযোগে উচ্চ আয়োগে কয় যে শ্ৰীলংকাৰ খাদ্য, স্বাস্থ্য আৰু শক্তি সুৰক্ষাৰ উন্নয়নৰ বাবে, ভাৰত চৰকাৰে ১৭ মাৰ্চত ভাৰতীয় ষ্টেট বেংকৰ জৰিয়তে শ্ৰীলংকা চৰকাৰক ১ বিলিয়ন আমেৰিকান ডলাৰৰ ৰেহাই ঋণ প্ৰদান কৰে । ভাৰতে ইয়াৰ জৰিয়তে ইতিমধ্যে চাউল, ৰঙা জলকীয়াৰ দৰে বিভিন্ন খাদ্য সামগ্ৰী যোগান ধৰিছে । চৰকাৰ আৰু জনসাধাৰণৰ প্ৰয়োজন সাপেক্ষে চেনী, গাখীৰ পাউডাৰ, ঘেঁহু, ঔষধ, ইন্ধন আৰু ঔদ্যোগিক কেঁচা সামগ্ৰী যোগানৰ বাবে আন কেইবাটাও চুক্তি কৰা হৈছে বুলিও বিবৃতিত উল্লেখ কৰা হৈছে ।