অসম

assam

By

Published : Aug 12, 2022, 6:20 PM IST

Updated : Aug 13, 2022, 11:57 AM IST

ETV Bharat / bharat

Facebook sees massive drop in teen usage, হ্ৰাস পাইছে ফেচবুক ব্যৱহাৰকাৰী কিশোৰ-কিশোৰীৰ সংখ্যা

দিনক দিনে হ্ৰাস পাইছে ফেচবুক ব্যৱহাৰকাৰী কিশোৰ-কিশোৰীৰ সংখ্যা ৷ পিউ ৰিচাৰ্চ চেণ্টাৰে আমেৰিকাৰ কিশোৰ-কিশোৰীসকলৰ ওপৰত কৰা গৱেষণাৰ এক নতুন সমীক্ষাত পোহৰলৈ আহিছে এই উদ্বেগজনক তথ্য(Facebook sees massive drop in teen usage in last 7 years) ৷

facebook-sees-massive-drop-in-teen-usage-in-last-7-years
হ্ৰাস পালে ফেচবুক ব্যৱহাৰকাৰী কিশোৰ কিশোৰীৰ সংখ্যা

নেশ্যনেল ডেস্ক, 12 আগষ্ট :ফেচবুক, সামাজিক মাধ্যমৰ এক জনপ্ৰিয় এপ ৷ ফেচবুকৰ জড়িয়তে আমি দেশ বিদেশৰ লোকৰ সৈতে সংযুক্ত হৈ থকিব পাৰো, এয়া হয়তো সকলোৱে জানে ৷ কিন্তু আপুনি জানেনে বিগত 7 বছৰৰ পৰা ছ'চিয়েল মিডিয়া প্লেটফৰ্ম ফেচবুকৰ সৈতে জড়িত হোৱা কিশোৰ-কিশোৰীসকলৰ সংখ্যা দিনক দিনে হ্ৰাস পাইছে(Facebook sees massive drop in teen usage in last 7 years) ৷

শুনিবলৈ আচৰিত লাগিলেও কিন্তু এয়া সত্য, পিউ ৰিচাৰ্চ চেণ্টাৰে(American Pew Research Center) আমেৰিকাৰ কিশোৰ-কিশোৰীসকলৰ (১৩ৰ পৰা ১৭ বছৰ বয়সৰ) ওপৰত কৰা গৱেষণাৰ এক নতুন সমীক্ষাত জুকাৰবাৰ্গ নেতৃত্বাধীন ফেচবুকৰ বাবে এই উদ্বেগজনক তথ্য পোহৰলৈ আহিছে ৷

তথ্য মতে, চীনা শ্বৰ্ট ভিডিঅ'ফৰ্ম এপ টিকটকে বিশ্বৰ উপভোক্তাৰ(TikTok is next on the list of platforms) মাজত ৰকেটৰ গতিত জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷ বিশেষকৈ, কিশোৰ-কিশোৰীসকলৰ মাজত টিকটকে এতিয়া ইনষ্টাগ্ৰাম, ফেচবুক আৰু স্নেপচ্যাটক ফেৰ পেলাই সম্প্ৰতি শীৰ্ষৰ সামাজিক মাধ্যমৰ প্লেটফৰ্ম হিচাপে পৰিগণিত হৈছে ।

16 শতাংশ কিশোৰে কয় যে, তেওঁলোকে টিকটক এপৰ নিৰন্তৰ ব্যৱহাৰ কৰে । গুগলৰ মালিকানাধীন ইউটিউবে প্লেটফৰ্মসমূহৰ ভিতৰত 2022 চনৰ কিশোৰ অনলাইন লেণ্ডস্কেপত (YouTube tops the 2022 teen online landscape) শীৰ্ষস্থান লাভ কৰিবলৈ সক্ষম হৈছে, কিয়নো ইয়াক 95 শতাংশ কিশোৰে ব্যৱহাৰ কৰে ।

নৱ প্ৰজন্মৰ কিশোৰসকলৰ পৰা লাভ কৰা এক সমীক্ষাত এই তথ্য পোহৰলৈ আহিছে যে, 67 শতাংশ কিশোৰে টিকটক এপৰ ব্যৱহাৰ কৰে(67 per cent teen using Tiktok) ইয়াৰ পিছতে ইনষ্টাগ্ৰাম, স্নেপচ্যাট বহু কম সংখ্যক কিশোৰেহে ব্যৱহাৰ কৰে ৷ ইয়াৰ পিছতে ফেচবুক কেৱল 32 শতাংশ কিশোৰেহে ব্যৱহাৰ কৰে ৷ ইয়াৰ পিছতে টুইটাৰ, টুইচ, হোৱাটছএপ, ৰেডিট আৰু টাম্বলাৰ ব্যৱহাৰ কৰে বুলি পিউ ৰিচাৰ্চ চেণ্টাৰৰ সমীক্ষাত প্ৰকাশ পাইছে ।

অৱশ্যে মেটাৰ প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী বিষয়া মাৰ্ক জুকাৰবাৰ্গে নিজৰ প্লেটফৰ্মক টিকটকৰ দৰে অধিক ব্যৱহাৰিক কৰি তোলাৰ বাবে ১০০% প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি সদৰী কৰে । ইনষ্টাগ্ৰাম ৰিলছত ফেচবুক/ইনষ্টাগ্ৰাম ষ্টৰীজতকৈ তেওঁ বিজ্ঞাপনৰ বাবে বাৰ্ষিক ৰাজহ (১ বিলিয়ন ডলাৰ) উপাৰ্জন কৰে ।

কিন্তু ২০১৪-১৫ চনৰ পৰা ছ'চিয়েল মিডিয়া এপ ব্যৱহাৰৰ ক্ষেত্ৰত ফেচবুক টিকটকৰ পৰা বহু গুণেই পিছ পৰি আছে । প্ৰতিবেদনত দেখা গৈছে যে, বিগত আঠ বছৰত কিশোৰ-কিশোৰীসকলৰ স্মাৰ্টফোনৰ ব্যৱহাৰ প্ৰায় বৃদ্ধি পাইছে যদিও ডেস্কটপ বা লেপটপ, কম্পিউটাৰ বা গেমিং কনছলৰ দৰে অন্যান্য ডিজিটেল প্ৰযুক্তিসমূহ পৰিসংখ্যাগতভাৱে অপৰিৱৰ্তিত হৈ আছে ।

লগতে পঢ়ক :Netflix users: ৯৯% তকৈ অধিক 'নেটফ্লিক্স' উপভোক্তাই ব্যৱহাৰ নকৰে ইয়াৰ গেম

Last Updated : Aug 13, 2022, 11:57 AM IST

ABOUT THE AUTHOR

...view details