অসম

assam

ETV Bharat / bharat

প্ৰাক্তন IAS বিষয়া ৰাজীৱ আগৰৱালক ফেচবুক ইণ্ডিয়াৰ ৰাজহুৱা নীতিৰ সঞ্চালক হিচাপে নিযুক্তি - ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া

প্ৰাক্তন IAS বিষয়া আৰু উবেৰৰ প্ৰাক্তন কাৰ্যবাহী বিষয়া ৰাজীৱ আগৰৱাল(Rajiv Aggarwal)ক ৰাজহুৱা নীতিৰ সঞ্চালক হিচাপে নিযুক্তি দিলে ফেচবুক ইণ্ডিয়া(Facebook India)ই । সোমবাৰে ফেচবুক ইণ্ডিয়াই এই কথা জানিবলৈ দিয়ে । ইয়াৰ পূৰ্বে ৰাজীৱ আগৰৱাল উবেৰ(Uber)ৰ ভাৰত আৰু দক্ষিণ এছিয়াৰ বাবে ৰাজহুৱা নীতিৰ মুৰব্বী আছিল ।

Facebook India appoints former IAS officer Rajiv Aggarwal as Head of Public Policy
ৰাজীৱ আগৰৱালক ফেচবুক ইণ্ডিয়াৰ ৰাজহুৱা নীতিৰ নতুন সঞ্চালক

By

Published : Sep 20, 2021, 2:52 PM IST

নেশ্যনেল ডেস্ক, ২০ ছেপ্টেম্বৰ: ফেচবুক(Facebook India) ইণ্ডিয়াৰ ৰাজহুৱা নীতিৰ সঞ্চালকৰ দায়িত্ব গ্ৰহণ কৰিলে প্ৰাক্তন IAS বিষয়া আৰু উবেৰৰ প্ৰাক্তন কাৰ্যবাহী বিষয়া ৰাজীৱ আগৰৱালে(Rajiv Aggarwal) । অংখী দাসৰ পদত্যাগৰ পাছত খালী হৈ আছিল এই পদটো । বিগত বৰ্ষৰ অক্টোবৰ মাহত তেওঁ পদত্যাগ কৰিছিল । দেশৰ সোঁপন্থী নেতাসকলৰ বিৰুদ্ধে ঘৃণাৰ ভাষণ প্ৰদানৰ নিয়ম বলৱৎ কৰাৰ বিৰোধিতা কৰাৰ বাবে অংখী দাস বিতৰ্কত আৱৰ্তত সোমাই পৰে আৰু তেতিয়াই তেওঁ এই পদ ত্যাগ কৰে ।

এতিয়া এই পদত অধিষ্ঠিত হৈছে ৰাজীৱ আগৰৱাল । ৰাজীৱ আগৰৱালে ৰাজহুৱা নীতিৰ সঞ্চালকৰ দায়িত্বত থাকি ভাৰতত ফেচবুকৰ বাবে গুৰুত্বপূৰ্ণ নীতি বিকাশৰ পদক্ষেপবোৰ কাৰ্যত কৰাৰ ক্ষেত্ৰত নেতৃত্ব দিব । ব্যৱহাৰকাৰীৰ সুৰক্ষা, তথ্য সুৰক্ষা আৰু গোপনীয়তা, ইণ্টাৰনেটৰ নিয়ম আদি সকলো ইয়াৰ ভিতৰতে সামৰি লোৱা হ'ব । এক বিবৃতিযোগে এইকথা তেওঁ এই কথা উল্লেখ কৰিছে ।

আগৰৱালে ফেচবুক ইণ্ডিয়াৰ উপ-সভাপতি তথা পৰিচালন সঞ্চালক অজিত মোহনক এই প্ৰতিবেদন দাখিল কৰিব । ইয়াৰ পূৰ্বে তেওঁ উবেৰৰ বাবে সেৱা আগবঢ়াইছিল । তেওঁ ভাৰত আৰু দক্ষিণ এছিয়াৰ বাবে ৰাজহুৱা নীতিৰ সঞ্চালক আছিল ।

ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া হিচাপে আগৰৱালে ২৬ বছৰ সেৱা আগবঢ়াইছে আৰু উত্তৰ প্ৰদেশৰ ৯ খন জিলাত জিলা দণ্ডাধীশ হিচাপে কাম কৰিছে । এজন প্ৰশাসনিক বিষয়া হিচাপে তেওঁৰ কাৰ্যকালত উদ্যোগ আৰু আভ্যন্তৰীণ বাণিজ্যৰ প্ৰচাৰ বিভাগৰ যুটীয়া সচিব হিচাপে কাম কৰিছিল । ভাৰতৰ আই পি কাৰ্যালয়সমূহৰ ডিজিটেল ৰূপান্তৰতো তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল বুলি বিবৃতিটোত উল্লেখ কৰা হৈছে । তেওঁ ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ দ্বিপাক্ষিক বাণিজ্য মঞ্চৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে ।

এই নিযুক্তি সন্দৰ্ভত অজিত মোহনে কয় যে, ভাৰতৰ অৰ্থনৈতিক আৰু সামাজিক পৰিৱৰ্তনৰ ক্ষেত্ৰত ফেচবুকে সহযোগী হিচাপে কাম কৰি আহিছে । তেওঁ লগতে কয় যে, অধিক সামগ্ৰিক আৰু সুৰক্ষিত ইণ্টাৰনেট সহজলভ্য কৰাৰ সুযোগ আছে আৰু ই দেশৰ সকলোকে লাভান্বিত কৰিব । ৰাজীৱ আগৰৱালৰ নিযুক্তিত তেওঁ আনন্দ প্ৰকাশ কৰে । দক্ষতা আৰু অভিজ্ঞতাৰে পৰিপুষ্ট ৰাজীৱ আগৰৱালে স্বচ্ছ ভাৱে, দায়বদ্ধতাক বুজি, ফেচবুকক আগুৱাই নিয়াত সহায় কৰিব ।

লগতে পঢ়ক:জম্মু-কাশ্মীৰৰ উৰিত নিয়ন্ত্ৰণ ৰেখাৰ সমীপত সেনাৰ অভিযান

ABOUT THE AUTHOR

...view details