নিউজ ডেস্ক, 9 অক্টোবৰ:অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া মহেশ জাগড়েৰ শেহতীয়া এটা ফেচবুক পোষ্ট ব্যাপক ৰূপত ভাইৰেল হৈ পৰিছে ৷ এই পোষ্টটোৰ বাবেই মহাত্মা গান্ধীৰ ফটোও চৰ্চিত হোৱা দেখা গৈছে । মহাত্মা গান্ধীয়ে পৰিধান কৰা সাজ-পোছাক বিশ্ববিখ্যাত । আঁঠুৰ মূৰত ধূতি পিন্ধি গাত চাদৰ লৈ তেওঁ দক্ষিণ আফ্ৰিকাৰ পৰা ভাৰতলৈ উভতি অহাৰ পিছত সাধাৰণ জীৱনশৈলী অনুসৰণ কৰিছিল ।
দক্ষিণ আফ্ৰিকাৰ পৰা ভাৰতলৈ প্ৰত্যাৱৰ্তনৰ পিচৰে পৰা মহাত্মা গান্ধীক সকলো ফটোত ধূতি পৰিধান কৰাই দেখা যায় । তেনে এখন ফটো ফেচবুকত পোষ্ট কৰিছিল মহেশ জাগড়েয়ে । ইয়াত তেওঁ মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জনায় । অৱশ্যে এই ফটোখনক যৌনগন্ধি বিষয়বস্তু সম্বলিত বুলি গণ্য কৰি ফেচবুকৰ পৰা এই পোষ্টটো আঁতৰাই দিয়া হ’ল । তাকে লৈ এতিয়া বহুতে ক্ষোভ প্ৰকাশ কৰা দেখা গৈছে ।
মহেশ জাগড়েয়ে পুনৰবাৰ ফেচবুকত পোষ্ট কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে । এই পোষ্টটোত মহেশ জাগড়েয়ে কয়, ‘‘এই পোষ্টটো মহাত্মা গান্ধীৰ বিষয়ে, যাৰ সমাধিত G-20 সন্মিলনৰ সময়ত বিশ্বৰ শীৰ্ষ নেতাসকলে শ্ৰদ্ধাঞ্জলি জনাইছিল । মহাত্মা গান্ধীয়ে বিশ্বৰ মানদণ্ড উন্নীত কৰিলে আৰু সেয়েহে তেওঁৰ ছবিখন সমাজৰ নীতি-নিয়মৰ বিপৰীতে যোৱা বুলি ক’ব নোৱাৰে । ফটোখনত কোনো নগ্নতা বা যৌন কাৰ্য্যকলাপ নাছিল, ই আছিল লোন সত্যাগ্ৰহৰ সময়ৰ !!’’
জাগড়েৰ এই পোষ্টটোৰ পিচত তেওঁৰ সৈতে যোগাযোগ কৰিছিল ইটিভি ভাৰতৰ সাংবাদিকে ৷ সেই সময়ত তেওঁ ফেচবুকৰ পদক্ষেপ সন্দৰ্ভতো নিজৰ হতাশা প্ৰকাশ কৰিছিল । বহু বিকৃত এই ছ’চিয়েল মিডিয়াত প্ৰায়ে দেখা যায় । জাগড়েয়ে এই বিষয়ৰ ওপৰত আঙুলি টোঁৱায় । লগতে এই সন্দৰ্ভত কোনো ব্যৱস্থা গ্ৰহণ নকৰাত বিৰক্তি আৰু দুখ প্ৰকাশ কৰে ।