অসম

assam

ETV Bharat / bharat

Highest motorable road in World : পূব লাডাখত নিৰ্মাণ সৰ্বোচ্চ পথ, সুৰংগ আৰু বিমান ঘাটি - highest and longest bi lane tunnel in the world

পূব লাডাখত বিশ্বৰ সৰ্বোচ্চ পথ নিৰ্মাণ হৈছে । শীঘ্ৰে বিশ্বৰ সৰ্বোচ্চ দ্বি-লেন সুৰংগ চেলাও মুকলি কৰা হ'ব । নিৰ্মাণ চলি থকা নিওমা এয়াৰফিল্ড বিশ্বৰ সৰ্বোচ্চ বিমানক্ষেত্ৰসমূহৰ ভিতৰত অন্যতম হ'ব ।

Highest motorable road in World
পূব লাডাখত নিৰ্মাণ সৰ্বোচ্চ পথ, সুৰংগ আৰু বিমান ঘাটি

By

Published : Aug 19, 2023, 10:14 AM IST

নেশ্যনেল ডেস্ক,১৯ আগষ্ট :কেইবা দশক ধৰি ভাৰত-চীন সীমান্তৰ লাডাখ অতি স্পৰ্শকাতৰ হৈ আছে । দুয়োখন দেশৰ ফ্লেছপ'ইণ্ট হৈ আছে পূব লাডাখ । ইয়াৰ মাজতে ভাৰত আৰু চীনৰ সেনাৰ মাজত কেইবাবাৰো সংঘৰ্ষ হোৱাও দেখা গৈছে এই অঞ্চলটোত । চীনৰ ওপৰত নজৰ ৰাখিবলৈ অঞ্চলটোত ভাৰতে আন্তঃগাঁথনিও বৃদ্ধি কৰিছে । সামৰিক আৰু অসামৰিক দুয়োধৰণৰ ব্যৱহাৰৰ বাবে আন্তঃগাঁথনি শক্তিশালী কৰাৰ দিশত চৰকাৰে প্ৰচেষ্টা হাতত লৈছে । তাৰ অংশ হিচাপে অঞ্চলটোত বিশ্বৰ সৰ্বোচ্চ সুৰংগ, যাতায়তৰ যোগ্য পথ আৰু যুঁজাৰু বিমান ঘাটি স্থাপন কৰিছে ।

চৰকাৰে সীমান্তৰ অঞ্চলটোত আন এক সৰ্বোচ্চ পথ সম্পূৰ্ণ কৰাৰ দিশে আগবাঢ়িছে । সীমান্ত পথ সংস্থাৰ (বিআৰঅ') মুৰব্বী লেফটেনেণ্ট জেনেৰেল ৰাজীৱ চৌধুৰীয়ে এই কথা স্পষ্ট কৰি কয় যে বিআৰঅ'ৱে দুবছৰ পূৰ্বে উমলং লা পাছত সৰ্বোচ্চ পথ নিৰ্মাণ কৰি অভিলেখ সৃষ্টি কৰিছিল । কিন্তু সেই অভিলেখ ভংগ কৰি শীঘ্ৰে আন মিগ লা-ফুক্সেত সৰ্বোচ্চ পথ মুকলি কৰা হ'ব ।

উমলিং লা বা উমলং লা হৈছে পৃথিৱীৰ সৰ্বোচ্চ যাতায়তৰ যোগ্য পথ । অৱশ্যে ১৫ আগষ্টত বিআৰঅ'-য়ে ১৯৪০০ ফুট উচ্চতাত লিক্ৰু, মিগ-লা আৰু ফুকচে সংযোগী এটা পথৰ কাম আৰম্ভ কৰে । যদি কোনো সংকটজনক পৰিস্থিতিৰ উদ্ভৱ হয় তেন্তে এই পথৰ জৰিয়তে অতি সোনকালে সেনা মোতায়েনত সহায় হ'ব । বিষয়াগৰাকীয়ে কোৱা মতে বিআৰঅ'ৰ সৰ্বোচ্চ যাতায়তৰ যোগ্য পথৰ ৰেকৰ্ড ভাঙিবলৈ সাজু হৈছে এই পথটো । চৌধুৰীয়ে লগতে কয় যে বিশ্বৰ সৰ্বোচ্চ দ্বি-লেন সুৰংগ চেলাও সাজু আৰু অতি সোনকালেই প্ৰধানমন্ত্ৰীয়ে দেশবাসীক উৎসৰ্গা কৰিব বুলি আশা কৰা হৈছে । এই চেলা সুৰংগ হ'ব বিশ্বৰ সৰ্বোচ্চ আৰু দীৰ্ঘতম দ্বি-লেন সুৰংগ ।

বিআৰঅ'ৰ মুৰব্বীয়ে জনোৱা মতে সামৰিক বাহিনীৰ পথ নিৰ্মাণকাৰী সংস্থাটোৱে জাংস্কাৰৰ মাজেৰে মানালীক লেহলৈ সংযোগ কৰা শিঙ্কু লা সুৰংগৰ পৰাও পথ নিৰ্মাণৰ কাম আৰম্ভ কৰিব যিটো সৰ্বোচ্চ হ'ব আৰু ই চীনত অৱস্থিত মিলা সুৰংগৰ অভিলেখ ভংগ কৰিব ।

পূব লাডাখত মাত্ৰ ৩০ কিলোমিটাৰ আকাশী দূৰত্বত থকা নিওমা বিমানক্ষেত্ৰৰ বিষয়ে সোধাত তেওঁ কয় যে যুঁজাৰু বিমান পৰিচালনা কৰিবলৈ সক্ষম বিমানক্ষেত্ৰখন অহা বছৰৰ শেষৰ ফালে সাজু হ'ব । সম্পূৰ্ণ হ'লে নিওমা এয়াৰফিল্ড বিশ্বৰ সৰ্বোচ্চ বিমানক্ষেত্ৰসমূহৰ ভিতৰত অন্যতম হ'ব । সংস্থাটোৱে অহা বছৰৰ ডিচেম্বৰৰ ভিতৰত ইয়াক সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব বুলিও তেওঁ উল্লেখ কৰে ।

লগতে পঢ়ক :Amarnath Yatra 2023: 300 ফুট উচ্চতাৰ পৰা পিচলি মৃত্যু তীৰ্থযাত্ৰীৰ

ABOUT THE AUTHOR

...view details