নেশ্যনেল ডেস্ক,১ এপ্ৰিল :চলিত সংসদ অধিৱেশনৰ সময়ত ১৯ টা দলৰ মাজত বিৰোধী ঐক্য গঢ়ি তোলাৰ পাছতে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে ২০২৪ চনৰ নিৰ্বাচনৰ ৰণনীতি প্ৰস্তুত কৰাৰ উদ্দেশ্যে বৈঠক অনুষ্ঠিত কৰাৰ সম্ভাৱনা আছে (Kharge to convene opposition meet soon)। একে আদৰ্শৰ বিৰোধী দলবোৰৰ নেতাসকলক লৈ এখন বৈঠক আহ্বান কৰিবলৈ সাজু হৈছে কংগ্ৰেছ সভাপতিগৰাকী ।
এআইচিচিৰ সাধাৰণ সম্পাদক কেচি বেণুগোপালে উল্লেখ কৰা মতে শীৰ্ষ পৰ্যায়ৰ নেতাসকলৰ এখন বৈঠক আহ্বান কৰাৰ সাধাৰণ দাবী আছিল । কংগ্ৰেছে তাৰ ওপৰত চিন্তা চৰ্চা কৰি আছে বুলি তেওঁ উল্লেখ কৰে ।
দলৰ ভিতৰুৱা তথ্য মতে, ২৭ মাৰ্চত খাৰ্গেয়ে একে আদৰ্শৰ দলৰ সৈতে এক নৈশ ভোজৰ আয়োজন কৰাৰ সময়তে বিৰোধী নেতাসকলৰ এখন বৈঠক অনুষ্ঠিত কৰাৰ কথা আলোচনা হৈছিল (Kharge organised oppositions dinner party)। ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ হোৱাৰ পাছতে সংসদৰ ভিতৰে-বাহিৰে বিৰোধী ঐক্যৰ সমৰ্থনৰ পৰিপ্ৰেক্ষিততে খাৰ্গেয়ে নৈশ ভোজৰ পৰিকল্পনা কৰিছিল বুলি চৰ্চা চলিছে ।
খাৰ্গেৰ নৈশ ভোজৰ সময়ত উপস্থিত থকা এআইচিচি নেতাসকলে কয় যে ২০২৪ৰ নিৰ্বাচন সন্দৰ্ভত বৈঠকত যথেষ্ট আলোচনা হৈছে কিন্তু তেওঁলোকে সেই সকলোবোৰ কথা প্ৰকাশ কৰিব নিবিচাৰে (AICC leader on 2024 election)। নেতাসকলৰ মতে, নৈশ ভোজৰ বৈঠকত ৰাহুলে বিৰোধী নেতাসকলক কৈছে যে এই যুঁজখন তেওঁৰ বাবে নহয়, দেশত 'গণতন্ত্ৰ ৰক্ষা'ৰ বাবেহে আছিল । নেতাসকলৰ মতে ১৯ টা দল বিজেপিৰ বিৰুদ্ধে একত্ৰিত হৈছে । কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ মতে শিৱসেনাও তেওঁলোকৰ সৈতে আছে ।