অসম

assam

ETV Bharat / bharat

Ex Union minister Sharad Yadav cremated: পিতৃগৃহত সম্পন্ন হ’ল প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী শৰদ যাদৱৰ অন্ত্যেষ্টিক্ৰিয়া - অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন

ৰজনীতিত এটা যুগৰ অৱসান ৷ শনিবাৰে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী শৰদ যাদৱৰ মধ্যপ্ৰদেশৰ নৰ্মদাপুৰম জিলাৰ তেওঁৰ পৈতৃক গাঁৱত সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয় (Ex Union minister Sharad Yadav cremated)৷

ExUnion minister Sharad Yadav cremated in MP village
পিতৃগৃহত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী শৰদ যাদৱৰ

By

Published : Jan 15, 2023, 10:13 AM IST

নেশ্যনেল ডেস্ক, 15 জানুৱাৰী:পঞ্চভূতত বিলীন হ’ল কেন্দ্ৰীয় মন্ত্ৰী শৰদ যাদৱৰ নশ্বৰ দেহ ৷ শনিবাৰে মধ্যপ্ৰদেশৰ নৰ্মদাপুৰম জিলাস্থিত পৈতৃক গাঁৱত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা ৰাষ্ট্ৰীয় জনতা দলৰ জ্যেষ্ঠ নেতাগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হয় (Ex Union minister Sharad Yadav cremated)৷ পুত্ৰ শান্তনু বুন্দেলা আৰু কন্যা সুভাসিনীয়ে সন্ধিয়া প্ৰায় ৫ বজাত মন্ত্ৰীগৰাকীৰ পৈতৃক গাঁও অংখমৌত "শৰদ যাদৱ জিন্দাবাদ" শ্ল'গানৰ মাজত তেওলোকৰ পিতৃৰ চিতাত মুখাগ্নি কৰে (Sharad Yadav cremated in MP village)৷

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী শৰদ যাদৱে বৃহস্পতিবাৰে নিশা 10.19 বজাত গুৰুগ্ৰাম চিকিৎসালয়ত ইহলীলা সম্বৰণ কৰিছিল (Sharad Yadav passes away)৷ দীৰ্ধদিন ধৰি অসুস্থ হৈ থকা প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে কেইবামান ধৰি বাসগৃহতে চিকিৎসকৰ তত্বাৱধানত আছিল ৷ বৃহস্পতিবাৰে সন্ধিয়া যাদৱৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত গুৰুগ্ৰাম চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল ৷ অৱশেষত 75 বছৰ বয়সত চিকিৎসাধীন অৱস্থাতেই যাদৱে শেষ নিশ্বাস ত্যাগ কৰে ৷ যাদৱে মৃত্যুৰ সময়ত পত্নী, এগৰাকী কন্যা আৰু এজন পুত্ৰক ইহসংসাৰত এৰি থৈ গৈছে ।

ফৰ্টিছ মেম’ৰিয়েল ৰিচাৰ্চ ইনষ্টিটিউটৰ (Fortis Memorial Research Institute) এক বিবৃতিত উল্লেখ কৰে যে যাদৱক অচেতন অৱস্থাত জৰুৰীকালীন ৱাৰ্ডলৈ অনা হৈছিল । তেওঁক বচাবলৈ বহুতো চেষ্টা কৰা হৈছিল যদিও নিয়তিৰ ওচৰত হাৰ মানিলে ৰাজনীতিবিদগৰাকীয়ে ৷ ইয়াৰ পিছতে তেওঁৰ জীয়ৰী কংগ্ৰেছ নেত্ৰী সুভাষিনী শৰদ যাদৱে টুইটাৰত তেওঁৰ মৃত্যুৰ কথা নিশ্চিত কৰি টুইট কৰিছিল যে, "দেউতা আৰু নাই ৷"

বিদেহী নেতাজনক শেষবাৰৰ বাবে শ্ৰদ্ধাঞ্জলি জনাবলৈ বিভিন্ন স্থানৰ পৰা অহা বহু লোক গাঁওখনত উপস্থিত হৈছিলহি ৷ যাদৱৰ মৃতদেহ এখন চাৰ্টাৰ্ড বিমানেৰে দিল্লীৰ পৰা ভূপাললৈ অনা হৈছিল ৷ তাৰ পিছতে মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান, কংগ্ৰেছ নেতা দিগ্বিজয় সিং ( Congress leader Digvijaya Singh), ৰাজ্যিক বিজেপিৰ সভাপতি ভি ডি শৰ্মা আৰু অন্যান্য ৰাজনীতিবিদসকলে তেওঁক শ্ৰদ্ধাঞ্জলি জনায় ৷ তাৰ পিছতেই যাদৱৰ নশ্বৰ দেহ ভূপালৰ পৰা প্ৰায় 100 কিলোমিটাৰ দূৰত থকা অংখমৌলৈ লৈ যোৱা হৈছিল ৷ এই যাত্ৰাত কংগ্ৰেছ নেতা দিগ্বিজয় সিঙে অংশগ্ৰহণ কৰি তেওঁৰ পৰিয়ালক লগ দিছিল ৷

বিমানবন্দৰত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী চৌহানে (Chief Minister Shivraj Singh Chouhan) কয় যে যাদৱ তেওঁৰ চুবুৰীয়া আছিল ৷ তেওঁলোক দুয়োৰে গাঁওদুখন নৰ্মদা নদীৰ দুয়োকাষে অৱস্থিত ৷ লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, "যাদৱ জে পি আন্দোলনৰ মুখ্য স্তম্ভ আছিল। তেওঁ সৰুৰে পৰা অন্যায়ৰ বিৰুদ্ধে যুঁজ দি আহিছিল আৰু ছাত্ৰ জীৱনত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আন্দোলনৰ সৈতে জড়িত হৈ পৰিছিল ৷ পৰৱৰ্তী সময়ত তেওঁ ৰাষ্ট্ৰীয় ৰাজনীতিৰ দিশ সলনি কৰিছিল ৷"

কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ পেটেলে (Union Minister Prahlad Patel )সাংবাদিকক কলে, যাদৱে কেৱল ছাত্ৰ ৰাজনীতিৰ সৌন্দৰ্যই নহয়, সংসদীয় ৰাজনীতিতো জবলপুৰৰ সন্মান বৃদ্ধি কৰিছিল ৷ যাদৱে ১৯৭৪ চনত জবলপুৰ লোকসভাৰ উপ-নিৰ্বাচনত কংগ্ৰেছৰ প্ৰতিদ্বন্দীক পৰাস্ত কৰি জয়লাভ কৰিছিল ৷ আমাৰ মাজত আদৰ্শগত পাৰ্থক্য থাকিব পাৰে, কিন্তু আমাৰ ব্যক্তিগত সম্পৰ্ক কেতিয়াও প্ৰভাৱিত হোৱা নাছিল ৷"

লগতে পঢ়ক:Sharad Yadav passes away: প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী শৰদ যাদৱৰ দেহাৱসান

ABOUT THE AUTHOR

...view details