নিউজ ডেস্ক, ২৩ নৱেম্বৰ : আগ্ৰাৰ দুজন কনিষ্টবল । নাম মহম্মদ ৰিয়াজ আৰু বীৰেন্দ্ৰ । দুয়োৱে বিবাহিত । কিন্তু পত্নী আৰু পৰিয়ালৰ সদস্যসকলক উপেক্ষা কৰি আন মহিলাৰ সৈতে তেওঁলোকৰ ৰোমাঞ্চ (Agra constables affairs with other women) । অৱশেষত এই কথা গৈ পায় তেওঁলোকৰ বিভাগত । ফলত নিলম্বনৰ সন্মুখীন হ'বলগা হয় । চোৰাংচোৱা বিভাগত (Intelligence unit) নিযুক্ত কনিষ্টবল ৰিয়াজ এগৰাকী বিবাহ বিচ্ছেদিত মহিলাৰ প্ৰেমত পৰে । ঘৰৰ অজ্ঞাতে ৰিয়াজে চলাই নিয়ে এই সম্পৰ্ক । আনহাতে, মহিলাগৰাকীৰ ঘৰলৈ যোৱাৰ কথা সুধিলে প্ৰতিবাৰেই তেওঁৰ পৰিয়ালৰ সদস্যসকলক কয় যে তেওঁ কোনো বিভাগীয় কামৰ বাবে গৈছে (Illegal affair of Agra constables) ।
ৰিয়াজে প্ৰায়ে তেওঁৰ প্ৰেমিকাৰ সৈতে ফোনযোগে কথা পাতি থাকে । সেই সময়ত যদি পত্নীয়ে তেওঁক ফোন কৰা আৰু ব্যস্ত পায় তেতিয়া পত্নীয়ে সোধে যে তেওঁ কাৰ সৈতে কথা পাতি আছে । এই কথাৰ পৰা পত্নীক কৌশলেৰে আঁতৰাই নিবলৈ তেওঁ সদায় অজুহাত দেখুৱায় যে তেওঁ আন আৰক্ষী বিষয়াসকলৰ সৈতে কিছু 'চোৰাংচোৱা অভিযান' (Intelligence Operation) সম্পৰ্কে আলোচনা কৰিছে ।
আনহাতে, এই ক্ষেত্ৰত ৰিয়াজৰ পত্নীয়ে তেওঁৰ কষ্টৰ বিষয়ে কয়, "আগ্ৰা আৰক্ষী বিভাগৰ ইণ্টেলিজেন্স বিভাগত (Intelligence Unit of Agra police department) নিযুক্ত ৰিয়াজৰ ২০১৬ চনৰ পৰা আগ্ৰাৰ এটমাদুল্লা অঞ্চলৰ এজনী ছোৱালীৰ সৈতে সম্পৰ্ক আছিল । নিশা প্ৰায়ে তেওঁ ছোৱালীজনীৰ সৈতে ফোনযোগে কথা পাতে । এদিন নিশা যেতিয়া মই শুই থকাৰ ভাও ধৰি আছিলোঁ, তেতিয়া কথোপকথনটো শুনিছিলোঁ । তেতিয়াহে মই ৰিয়াজৰ বিবাহ বহিৰ্ভূত সম্পৰ্কৰ বিষয়ে জানিব পাৰিলোঁ (extra marital affair of Agra constables) ।"
তেওঁ লগতে কয়, "সেইদিনা মই প্ৰথমবাৰৰ বাবে তেওঁৰ সম্পৰ্কৰ বিষয়ে জানিব পাৰিছিলোঁ । মই গোটেই নিশা কান্দি আছিলোঁ । মই শুব পৰা নাছিলোঁ । মই তেওঁৰ এই কথাৰ বিৰোধিতা কৰিবলৈ আৰম্ভ কৰিছিলোঁ আৰু পিছদিনা পুৱা সাৰ পোৱাৰ সময়ত তেওঁৰ সৈতে কাজিয়া কৰিছিলোঁ ।"