অসম

assam

ETV Bharat / bharat

Blast at Near Golden Temple : পঞ্জাৱৰ দৰবাৰ চাহিবৰ সমীপত বিস্ফোৰণ, আহত বহুজন - পঞ্জাৱৰ দৰবাৰ চাহিবৰ সমীপত বিস্ফোৰণ

শনিবাৰে পঞ্জাৱৰ দৰবাৰ চাহিবৰ সমীপতে থকা এখন ৰেষ্টুৰেণ্টত সংঘটিত হয় এক বিস্ফোৰণ (Blast at Near Golden Temple) ৷ এই বিস্ফোৰণত আহত হয় কেবাজনো লোক ৷ ৰেষ্টুৰেণ্টখনৰ চিমনি বিস্ফোৰিত হোৱাৰ ফলতে উক্ত ঘটনাটো সংঘটিত হোৱা বুলি জানিব পৰা গৈছে ৷

Blast at Near Golden Temple
পঞ্জাৱৰ গ’ল্ডেন টেম্পলৰ সমীপত বিস্ফোৰণ

By

Published : May 7, 2023, 8:11 AM IST

নেশ্যনেল ডেস্ক, 7 মে’ :পঞ্জাৱত অঘটন ৷ শনিবাৰে নিশা পঞ্জাৱৰ দৰবাৰ চাহিবৰ সমীপত সংঘটিত হয় এক বিস্ফোৰণৰ ঘটনা (Explosion took place near Darbar Sahib) । এই বিস্ফোৰণত কেবাজনো লোক সামান্য পৰিমাণে আহত হয় । বিস্ফোৰণৰ পাচতেই ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰে ৷

পঞ্জাৱ আৰক্ষীৰ প্ৰাথমিক তদন্তত পোহৰলৈ আহিছে যে কোনো বোমা বিস্ফোৰণ হোৱাৰ বাবে এই দুৰ্ঘটনাটো সংঘটিত হোৱা নাই (Blast at Near Golden Temple) ৷ প্ৰকৃততে দৰবাৰ চাহিবৰ সমীপতে থকা পাৰ্কিং এলেকাৰ নিচেই কাষতে লাগি আছে এখন ৰেষ্টুৰেণ্ট ৷ সেই ৰেষ্টুৰেণ্টখনৰ পাকঘৰ ইমানে উত্তপ্ত হৈ পৰিছিল যে পাকঘৰৰ চিমনিও কাম কৰা নাছিল ৷ মাত্ৰাধিক গৰম হোৱাৰ বাবেই কাচৰ ৰেষ্টুৰেণ্টখনৰ গিলাচ ভাঙি যায় আৰু প্ৰচণ্ড শব্দ কৰে ৷ ফলত ৰেষ্টুৰেণ্টখনৰ লগতে ৰেষ্টুৰেণ্টখনৰ কাষতে থকা বহু লোকো আঘাতপ্ৰাপ্ত হয় ৷

ইফালে উক্ত ঘটনা সংঘটিত হোৱাৰ সময়ত পঞ্জাৱৰ দৰবাৰ চাহিবটোত আছিল কেবাজনো ভক্ত ৷ যেতিয়াই এই বিস্ফোৰণৰ শব্দ শুনিবলৈ পালে তেতিয়াই ভয়ত বিতত হৈ ভক্তসকলে দৌৰা-দৌৰি কৰিবলৈ লয় ৷ যাৰ ফলতো কেবাজনো লোক আহত হয় বুলি জানিব পৰা গৈছে ৷

এগৰাকী প্ৰত্যক্ষদৰ্শীয়ে উল্লেখ কৰা অনুসৰি, শনিবাৰে হঠাৎ শুনিবলৈ পোৱা গৈছিল এক ডাঙৰ বিস্ফোৰণৰ শব্দ ৷ এই বিস্ফোৰণৰ কিছু মূহুৰ্তৰ পাচতে সমগ্ৰ অঞ্চলটো ক’লা ধোঁৱাই বিয়পি পৰে ৷ ক’ত কেনেকৈ বিস্ফোৰণ হ’ল কোনেও তলকিবই নোৱাৰিলে বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে প্ৰত্যক্ষদৰ্শীগৰাকীয়ে ৷

আনহাতে, সংবাদ মাধ্যমৰ আগত পঞ্জাৱ আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি, বোমা বিস্ফোৰণৰ ফলত এই দুৰ্ঘটনা হোৱা নাই ৷ ৰেষ্টুৰেণ্টৰ চিমনি বিস্ফোৰিত হোৱাৰ ফলতে এই দুৰ্ঘটনাটো সংঘটিত হৈছে ৷ অৱশ্যে সকলো তদন্তৰ অন্ততহে প্ৰকৃত তথ্য পোহৰলৈ আহিব বুলি তেওঁ মন্তব্য কৰে ৷

তেওঁ আৰু কয়, ‘‘দৰবাৰ চাহিবৰ সমীপৰ পাৰ্কিং এলেকাৰ নিচেই কাষতে লাগি থকা ৰেষ্টুৰেণ্টখনৰ চিমনি বিস্ফোৰিত হোৱাৰ ফলতে এই দুৰ্ঘটনাটো সংঘটিত হ’বলৈ পালে ৷ অৱশ্যে চিলিণ্ডাৰ বিস্ফোৰণ হৈছে নে নাই সেয়া জানিব পৰা হোৱা নাই ৷ পৰৱৰ্তী তদন্তত সেই তথ্য পোহৰলৈ আহিব’’ ৷

লগতে পঢ়ক :Karnataka Election 2023 : কংগ্ৰেছৰ গেৰাণ্টিক মিছা আখ্যা প্ৰধানমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details