নেশ্যনেল ডেস্ক, 27 আগষ্ট:পশ্চিমবংগত শোকাৱহ ঘটনা ৷ উত্তৰ 24 পৰগনা জিলাৰ দত্তপুকুৰ নীলগঞ্জ পঞ্চায়তৰ মচকোল অঞ্চলত অবৈধভাৱে স্থাপন কৰা আতচবাজী কাৰখানাত সংঘটিত হয় বিস্ফোৰণৰ ঘটনা ৷ বিস্ফোৰণত কমেও 6 জন লোকৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে । ইয়াৰে কেইবাগৰাকীও মহিলা বুলি জানিব পৰা গৈছে ৷
বিস্ফোৰণ ইমানেই তীব্ৰ আছিল যে অবৈধ আতচবাজী কাৰখানাটোৰ পৰা মৃতদেহৰ কিছু অংশ এটা ঘৰৰ চাঁদত ছিটিকি পৰাৰ দৰে বিক্ষিপ্ত ঘটনাও সংঘটিত হৈছে বুলি প্ৰত্যক্ষদৰ্শীয়ে জনায় । প্ৰশাসনে মৃতকৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে বুলি আশংকা প্ৰকাশ কৰিছে ৷
এই ঘটনাৰ ফলত ওচৰৰ কেইবাটাও ঘৰ ক্ষতিগ্ৰস্ত হয় । অৱশ্যে এই সন্দৰ্ভত আৰক্ষী অথবা প্ৰশাসনে কোনো মন্তব্য প্ৰকাশ কৰা নাই । বৰ্তমান উদ্ধাৰ অভিযান অব্যাহত আছে । আৰক্ষীৰ বিৰুদ্ধে লৈ ক্ষুব্ধতা প্ৰকাশ কৰিছে স্থানীয় ৰাইজে । স্থানীয় ৰাইজে প্ৰশাসমৰ বিৰুদ্ধে অভিযোগ তোলে যে, তেওঁলোকে বাৰে বাৰে আৰক্ষীক অভিযোগ দিয়াৰ পিচতো আৰক্ষীয়ে এই সন্দৰ্ভত কোনো পদক্ষেপ গ্ৰহণ নকৰিলে বুলি ।