অসম

assam

ETV Bharat / bharat

আৰ বি আইৰ নিৰ্দেশ, ‘24 পূৰ্বে পৰিশোধ কৰক চলিত বৰ্ষৰ আয়কৰ - আয়কৰ

আয় কৰ(income tax) পৰিশোধ কৰিলে নে ! যদি কৰা নাই তেন্তে 31 ডিচেম্বৰৰ ভিতৰত আয়কৰ পৰিশোধ কৰক ৷ 2024 ৰ পহিলা জানুৱাৰীৰ পৰা আধাৰ কাৰ্ডৰ (Aadhaar card) ক্ষেত্ৰত জাৰি কৰা হৈছে কিছু নীতি নিৰ্দেশনা ৷ নতুন চিমৰ বাবে গ্ৰাহকে এতিয়াৰ পৰা কোনো প্ৰ-পত্ৰ পূৰণ কৰিব নালাগে ৷

Regulations that will roll out from the first day of 2024
24 পূৰ্বে পৰিশোধ কৰক চলিত বৰ্ষৰ আয়কৰ

By ETV Bharat Assamese Team

Published : Dec 30, 2023, 9:16 AM IST

Updated : Dec 30, 2023, 10:40 AM IST

নিউজ ডেস্ক, 30 ডিচেম্বৰ :পুৰণিক বিদায় দি ইংৰাজী নতুন বৰ্ষ এটা পুনৰ আদৰিবৰ হ’ল ৷ নতুন বৰ্ষত নতুন কামৰ বাবে হয়টো আপুনিও পৰিকল্পনা কৰিছে ৷ সমান্তৰালকৈ কিছু অনুষ্ঠান প্ৰতিষ্ঠানৰো নীতি-নিয়মো সলনি হ’ব ৷ বিশেষকৈ বেংকৰ ক্ষেত্ৰত কিছু নীতি-নিয়ম সলনি কৰিছে ভাৰতীয় ৰিজাৰ্ভ বেংক চমুকৈ আৰ বি আয়ে ৷ ’24 বৰ্ষত বেংকত ধনৰ লেনদেন বা আয়কৰ পৰিশোধৰ ক্ষেত্ৰত কি কি নিয়ম সলনি হৈছে আপুনি জানি থোৱাৰ প্ৰয়োজন ৷ অন্যথা জৰিমনা ভৰিব লাগিব ৷ সেয়ে আৰ বি আইৰ তৰফৰ পৰা প্ৰকাশ কৰা নিৰ্দেশাৱলীসমূহৰ ওপৰত চকু ফুৰাওঁ আহক ৷

  • যদি আপুনিও চলিত বিত্তীয় বৰ্ষৰ আয়কৰ পৰিশোধ কৰা নাই তেতিয়া হ’লে 31 ডিচেম্বৰৰ ভিতৰত আয়কৰ পৰিশোধ কৰিব লাগিব ৷ অন্যথা 5,000 টকা জৰিমনা ভৰিব লগা হ’ব পাৰে ৷ এই ক্ষেত্ৰত 5 লাখ টকাতকৈ কম টকা উপাৰ্জন কৰাসকলে 1,000 টকা জৰিমনা ভৰিব লাগিব ৷
  • পে টি এম ডাউনলোড কৰি এই বৰ্ষত যদি এবাৰোও আপুনি পে টি এমৰ যোগেৰে ধনৰ লেন-দেন কৰা নাই তেতিয়া হ’লে 31 ডিচেম্বৰৰ ভিতৰত পে টি এমৰ যোগেদি ধনৰ লেন-দেন কৰাক অন্যথা আপুনিও 1 জানুৱাৰী 2024ৰ পৰা পে টি এমৰ জৰিয়তে ধনৰ লেনদেন কৰাত অসুবিধাৰ সন্মুখীন হ’ব ৷ এই নিৰ্দেশনা দিছে ভাৰতীয় ৰাষ্ট্ৰীয় পৰিশোধ নিগমে (NPCI) ৷
  • আধাৰ কাৰ্ডত আপোনাৰ নাম ভুল হৈ আছে নেকি ! আধাৰ কাৰ্ডত থকা বিসংগতি দূৰ কৰিব বিচাৰে নেকি ! তেন্তে 31 ডিচেম্বৰৰ ভিতৰত বিনামূলীয়াকৈ অনলাইনৰ যোগেদি আবেদন কৰিব পাৰিব ৷ কাৰণ 1 জানুৱাৰীৰ পৰা আধাৰৰ যিকোনো ক্ষেত্ৰত পৰিৱৰ্তনৰ বাবে 50 টকাৰ মাচুল আৰোপ কৰা হ'ব ।
  • আপুনিও অনলাইন ষ্ট’ক ট্ৰেডিং বা মিউচুৱেল ফাণ্ডৰ জৰিয়তে বিনিয়োগ কৰিছে নেকি ! তেতিয়া হ’লে আৰ বি আইৰ এই নিৰ্দেশাৱলী অতি গুৰুত্বপূৰ্ণ ৷ কাৰণ ভাৰতীয় চিকিউৰিটিজ এক্সচেঞ্জ ব’ৰ্ড চমুকৈ ছেবিয়ে ডেমেট আৰু এম এফ একাউণ্ট থকাসকলৰ বাবে 2024ৰ 30 জুনলৈ মনোনয়ন প্ৰদান কৰাৰ সময়সীমা বৃদ্ধি কৰিছে । উল্লেখ্য যে, পূৰ্বে ঘোষণা পত্ৰ দাখিল কৰি হিতাধিকাৰী এজনক মনোনীত কৰা বা ইয়াৰ পৰা বাহিৰ হোৱাৰ সময়সীমা আছিল 2023 ৰ 31 ডিচেম্বৰ ।
  • নতুনকৈ চিম কাৰ্ডৰ বাবে 2024ৰ পৰা কোনো কাগজৰ প্ৰয়োজন নহ’ব ৷ এই ক্ষেত্ৰত দূৰসংযোগ বিভাগে চিম কাৰ্ডৰ বাবে কাগজৰ প্ৰয়োজনীয়তাক আঁতৰাইছে ৷ গ্ৰাহকসকলে ডিজিটেল কে ৱাই চিৰ জৰিয়তে নতুন চিমৰ বাবে আবেদন কৰিব পাৰিব ৷
  • 31 ডিচেম্বৰত বীমাকৰ্তাসকলে আঁচনিৰ বাবে সংশোধিত ব্যাখ্যাকাৰী প্ৰদান কৰিব ৷ কাৰিকৰী আইনী কৰ্তন কৰা আৰু আঁচনিখনৰ চৰ্তাৱলী ভালদৰে বুজাত সহায় কৰিবলৈ, বীমা কোম্পানীবোৰে আঁচনিৰ হিতাধিকাৰীসকলক 1 জানুৱাৰীৰ পৰা এক নিৰ্ধাৰিত প্ৰকাৰত আঁচনিৰ মুখ্য বিশেষত্ব প্ৰদান কৰিব লাগিব ।
Last Updated : Dec 30, 2023, 10:40 AM IST

ABOUT THE AUTHOR

...view details