নেশ্য়নেল ডেস্ক, 18 আগষ্ট :উত্তৰ প্ৰদেশ কংগ্ৰেছৰ মুৰব্বী অজয় ৰায়ে বৃহস্পতিবাৰে আমেথি লোকসভা সমষ্টিৰ পৰা 2024 চনৰ লোকসভা নিৰ্বাচনত দলৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীয়ে প্ৰতিদ্বন্দিতা কৰিব বুলি কোৱাৰ পিছত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ ইয়াৰ পৰাই এতিয়া স্পষ্ট হৈছে যে, ৰাহুল গান্ধীয়ে তেওঁৰ পিতৃ-মাতৃ, প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী আৰু ছোনিয়া গান্ধীৰ পদাংক অনুসৰণ কৰি আগবাঢ়িছে ৷
2019 ৰ লোকসভা নিৰ্বাচনত এক অভাৱনীয় ধৰণে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী তথা এতিয়া নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰৰ কেন্দ্ৰীয় মন্ত্ৰী, স্মৃতি ইৰাণীয়ে ৰাহুল গান্ধীক পৰাজিত কৰি কংগ্ৰেছৰ দুৰ্গস্বৰূপ আমেথিত কংগ্ৰেছৰ দুৰ্গ উৎখাত কৰিছিল ৷ 1971 চনত, কংগ্ৰেছ নেতা বিদ্যাধৰ বাজপেয়ী আমেথি লোকসভা সমষ্টিৰ পৰা জয়ী হৈছিল। ১৯৮০ চনত ৰাহুল গান্ধীৰ খুৰাক সঞ্জয় গান্ধীয়ে জয়ী হৈ সমষ্টিটোত কংগ্ৰেছৰ (আই) ধাৰা অক্ষুন্ন ৰাখিছিল ।
পৰৱৰ্তী সময়ত 1980 চনৰ পৰা 1996 চনৰ ভিতৰত কংগ্ৰেছে আমেথি সমষ্টিত নিজ আসন অক্ষুন্ন ৰাখিছিল । তাৰ পিচতে পুনৰ ৰাহুল গান্ধীৰ পিতৃ ৰাজীৱ গান্ধীয়ে 1984 চনৰ সাধাৰণ নিৰ্বাচনত আমেথি লোকসভা সমষ্টিৰ পৰা জয়ী হৈছিল আৰু তাৰ পিচত ধাৰাবাহিকভাৱে 1989 আৰু 1991 চনৰ লোকসভা নিৰ্বাচনত একেৰাহে দুবাৰকৈ জয়ী হৈছিল ৰাজীৱ গান্ধীয়ে ৷
1991 চনত ৰাজীৱ গান্ধীৰ হত্যাৰ পিচত, লোকসকলৰ সহানুভূতিৰ ফলত কংগ্ৰেছে উপ-নিৰ্বাচনত আমেথি লোকসভা সমষ্টি দখল কৰিবলৈ সক্ষম হৈছিল, যেতিয়া দলৰ প্ৰাৰ্থী সতীশ শৰ্মা জয়ী হৈছিল। শৰ্মাই 1996 চনৰ লোকসভা নিৰ্বাচনতো আমেথিত জয়লাভ কৰিছিল ৷