নিউজ ডেস্ক, ১ জুন : বিগত বিত্তীয় বৰ্ষত (এপ্ৰিল ২০২২-ৰ পৰা মাৰ্চ ২০২৩) ভাৰতৰ অস্থায়ী জিডিপি বৃদ্ধি (provisional GDP growth of India) বহু বিশেষজ্ঞৰ বাবে এক ইতিবাচক আশ্চৰ্যৰ বিষয় হৈ পৰিছে । কিয়নো তেওঁলোকে এই বৃদ্ধি প্ৰায় ৭ শতাংশ বা তাৰ তলত হ'ব বুলি ভৱিষ্যদ্বাণী কৰিছিল । ইয়াৰ অৰ্থ হৈছে যে ইউৰোপত ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ বিৰূপ অৰ্থনৈতিক প্ৰভাৱকে ধৰি বাহ্যিক প্ৰত্যাহ্বান সত্ত্বেও মহামাৰীৰ নেতিবাচক প্ৰভাৱ হ্ৰাস হোৱাৰ বাবে ভাৰতৰ অৰ্থনীতি পুনৰুদ্ধাৰৰ পথত আছে (2023 FY GDP growth of India) ।
ইয়াৰ পৰা এইটো অনুমান কৰিব পাৰি যে প্ৰত্যাশিত বৃদ্ধিতকৈ এই প্ৰদৰ্শন ভাল হৈছে মুখ্যত বিত্তীয় বৰ্ষৰ চতুৰ্থ ত্ৰৈমাসিকত (জানুৱাৰী-মাৰ্চ, ২০২৩) উচ্চ ৰপ্তানি আৰু কম আমদানিৰ বাবে । যাৰ ফলত চতুৰ্থ ত্ৰৈমাসিকত জিডিপি বৃদ্ধি বজাৰৰ আশাতকৈ ৬.১ শতাংশতকৈ অধিক হোৱাত সহায় কৰিছিল ।
ইণ্ডিয়া ৰেটিংছ এণ্ড ৰিছাৰ্চৰ (India Ratings and Research) মুখ্য অৰ্থনীতিবিদ সুনীল সিনহাৰ মতে, বিগত বিত্তীয় বৰ্ষত দুৰ্বল ব্যক্তিগত চূড়ান্ত ব্যৱহাৰ (private final consumption) এটা সমস্যা আছিল । সিনহাই ইটিভি ভাৰতক এক বিবৃতিত কয়, "২০২৩ বিত্তীয় বৰ্ষৰ চতুৰ্থ ত্ৰৈমাসিকত পিএফচিই বৃদ্ধিত (PFCE growth) একেটা কথা পুনৰ প্ৰতিফলিত হৈছে, যিটো মাত্ৰ ২.৮ শতাংশত হৈছিল । ২০২০ বিত্তীয় বৰ্ষৰ চতুৰ্থ ত্ৰৈমাসিকৰ পিছত এয়া আছিল দ্বিতীয় সৰ্বনিম্ন বৃদ্ধি ।"
সিনহাৰ মতে, মুদ্ৰাস্ফীতি হ্ৰাস হোৱাৰ লগতে ব্যক্তিগত চূড়ান্ত ব্যৱহাৰ বৃদ্ধিয়ে কিছু গতি লাভ কৰিব বুলি আশা কৰা হৈছে । "কিন্তু বৰ্তমানৰ ব্যৱহাৰৰ চাহিদা উচ্চ উপাৰ্জনৰ শ্ৰেণীত পৰা পৰিয়ালবোৰে ব্যৱহাৰ কৰা সামগ্ৰী আৰু সেৱাৰ হিচাপত যথেষ্ট বেয়া । সেয়েহে এক বিস্তৃত ভিত্তিক ব্যৱহাৰৰ পুনৰুদ্ধাৰ কৰাটো এতিয়াও কিছু দূৰৈত আছে ।" অৰ্থনীতিবিদজনে লগতে কয় ।
আনহাতে, চাহিদাৰ দিশত চাবলৈ গ'লে ২০২৩ বৰ্ষৰ চতুৰ্থ ত্ৰৈমাসিকত মুঠ স্থিৰ মূলধন গঠন (gross fixed capital formation, GFCF)আৰু ৰপ্তানিত যথেষ্ট ভাল বিকাশ দেখা গৈছে । চৰকাৰী চূড়ান্ত ব্যৱহাৰ ব্যয়ত (Government final consumption expenditure, GFCE) ২০২৩ বিত্তীয় বৰ্ষৰ চতুৰ্থ ত্ৰৈমাসিকত (4QFY23) ২.৩ শতাংশৰ অতি কম একক অংকৰ বৃদ্ধি নথিভুক্ত কৰা হৈছিল । কিন্তু সেয়া মুখ্যত ২০২২ বিত্তীয় বৰ্ষৰ চতুৰ্থ ত্ৰৈমাসিকৰ উচ্চ ভিত্তিৰ বাবে হৈছিল ।
ৰেটিং সংস্থাটোৰ মতে, 4QFY23-ত GFCF-ত ৮.৯ শতাংশ y-o-y আৰু ২০২৩ বিত্তীয় বৰ্ষত ১১.৪ শতাংশ y-o-y-ৰ উন্নত বৃদ্ধিয়ে কেপেক্সৰ ওপৰত চৰকাৰৰ নিৰন্তৰ মনোযোগ প্ৰতিফলিত কৰে । সিনহাই কয় যে ২০২৩ বিত্তীয় বৰ্ষত ১১.৪ শতাংশ বৃদ্ধি অতি আনন্দজনক । কিয়নো এই বৃদ্ধি ২০২২ বিত্তীয় বৰ্ষৰ উচ্চ আধাৰত আহিছিল । যাৰ দ্বাৰা GFCF ১৪.৬ শতাংশ y-o-y বৃদ্ধি পাইছিল ।
তেওঁ লগতে কয়, "কৰ্পোৰেট খণ্ডৰ মূলধন ব্যয়ৰ অনুপস্থিতিতো ই বৰ্তমানৰ জিডিপিৰ পুনৰুদ্ধাৰক প্ৰয়োজনীয় সমৰ্থন প্ৰদান কৰাটো নিঃসন্দেহে এক ভাল কথা । কিন্তু ইণ্ডিয়া ৰেটিংছে বিশ্বাস কৰে যে ব্যক্তিগত কৰ্পোৰেট খণ্ডৰ মূলধন ব্যয়ৰ ভাৰতীয় অৰ্থনীতিৰ পুনৰুজ্জীৱিতকৰণৰ বাবে এক বহনক্ষম বিকাশ আৰু পুনৰুদ্ধাৰ অতি আৱশ্যক ।"