গাৰৱা, 3 জানুৱাৰী:‘‘দ্য মোহন মেন ইটাৰ’’, প্ৰখ্যাত চিকাৰী জিম কৰবেটৰ চিকাৰ কাহিনীৰ অন্যতম মোহন নামৰ নৰখাদক বাঘটোৰ কাহিনী আপুনিও নিশ্চয় পঢ়িছে (The Mohan man eater) ৷ ঠিক তেনে এটা কাহিনীয়েই আজি আপোনালোকৰ বাবে লৈ আহিছোঁ ৷ আন এটা নৰখাদক বাঘ আৰু আন এজন চিকাৰীৰ কাহিনী (Story of a man eater) ৷
প্ৰায় এমাহে ত্ৰাসৰ সৃষ্টি কৰা এটা নৰখাদক নাহৰফুটুকীক বিচাৰি বশ কৰিবৰ বাবে ঝাৰখণ্ডৰ বন বিভাগে ৰাজ্যখনলৈ আমন্ত্ৰণ জনালে হায়ৰদাবাদৰ বিখ্যাত চিকাৰী নৱাব শ্বফথ আলী খানক (Hunter Nawab Shafath Ali Khan) ৷ প্ৰায় 50 টা ট্ৰেপ কেমেৰা, এখন ড্ৰোণ আৰু বহুকেইজন বিষয়াৰে সুসজ্জিত দলটোৱে বাঘটোক বিচাৰি অভিযান চলাব ৷ ঝাৰখণ্ডৰ পালামু সংমণ্ডলত নাহফুটুকীটোৰ আক্ৰমণত যোৱা 10 ডিচেম্বৰৰ পৰা বৰ্তমানলৈ 4 টি শিশু নিহত হৈছে (man eater leopard in Garhwa) ৷
বনবিভাগৰ বিষয়া সকলে সন্দেহ কৰা মতে, বাঘটোৰ আক্ৰমণত নিহত চাৰিটা শিশুৰ বয়স 6 ৰ পৰা 12 বছৰৰ ভিতৰত ৷ ইয়াৰে তিনিটা শিশু গাৰৱা আৰু এটা লেটেহাৰ জিলাৰ ৷ ৰামকান্দা, ৰাংকা আৰু ভাণ্ডাৰিয়া খণ্ডৰ অতিকমেও 50 খন গাঁৱত ত্ৰাস সৃষ্টি কৰিছে নৰখাদক বাঘটোৱে ৷ এই ত্ৰাসৰ প্ৰতি লক্ষ্য ৰাখি বন বিভাগে গাঁৱৰ লোকসকলক বেলি ডুবাৰ পাচত মুক্তভাৱে ঘূৰি নুফুৰিবলৈ অনুৰোধ জনাইছে ৷
‘‘আমি বাঘৰ ভয়ত বিনিদ্ৰ ৰজনী কটাইছোঁ ৷ গাঁৱৰ শিশু আৰু মহিলাসকলে অত্যন্ত ভয় খাইছে ৷ বিয়লিৰ পৰাই গাঁওবোৰত কাৰ্ফিউৰ দৰে পৰিবেশে বিৰাজ কৰিবলৈ ধৰিছে’’, ৰামকান্দা খণ্ডৰ কৃষক ৰবীন্দ্ৰ প্ৰসাদে এইদৰে বৰ্ণনা দিলে সংবাদ মাধ্যমৰ আগত ৷ গাৰৱা বন সংমণ্ডলে ৰাজ্যৰ মুখ্য বন্যপ্ৰাণী অধীক্ষকলৈ বাঘটোক নৰখাদক হিচাপে নামকৰণ কৰিবলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিছে ৷ লগতে বাঘটোক বন্দী কৰাৰ বাবে নাৱাব শ্বফথ আলী খান আৰু প্ৰাক্তন বিধায়ক গিৰিনাথ সিংসহ তিনিজন চিকাৰীৰ নাম উল্লেখ কৰিছে (Tranquillize man eater leopard in Garhwa) ৷
"এটা জন্তুক নৰখাদক হিচাপে ঘোষণা কৰাৰ বাবে কিছুমান বিভাগীয় নীতি-নিয়ম থাকে ৷ তেনেক্ষেত্ৰত প্ৰথম অগ্ৰাধিকাৰ হ’ব বাঘটোক ট্ৰেংকুলাইজ কৰি বন্দী কৰা ৷ যিটো কেৱল বিশেষজ্ঞৰ দ্বাৰাহে সম্ভৱ ৷ যাৰ বাবে এই প্ৰচেষ্টাত সহায় কৰিবলৈ নাৱাব শ্বফথ আলী খানৰ সৈতে যোগাযোগ কৰিছে ঝাৰখণ্ড চৰকাৰে ৷ তেওঁ কেৱল এজন বিশেষজ্ঞই নহয়, এটা জন্তু বশ কৰি বন্দী কৰাৰ বাবে বিভিন্ন সা-সৰঞ্জামেৰে তেওঁ সুসজ্জিত ৷’’ ৰাজ্যিক বন্যপ্ৰাণী অধীক্ষক শশীকৰ ছামান্তাই এইদৰে কয় সংবাদ মাধ্যমৰ আগত (Leopard terror in Garhwa) ৷