নেশ্যনেল ডেস্ক,১৯ জুন :প্ৰথমে দলৰ পৰা বহিষ্কাৰ আৰু এইবাৰ গ্ৰেপ্তাৰ হ'ল দ্ৰাবিড় মুন্নেত্ৰা কাঝাগম (ডিএমকে)ৰ প্ৰাক্তন নেতা শিৱাজী কৃষ্ণমূৰ্তি । অভিনেত্ৰী তথা বিজেপি নেত্ৰী খুছবু সুন্দৰৰ বিষয়ে অপমানজনক মন্তব্য কৰি গ্ৰেপ্তাৰ হ'ল বিতৰ্কিত নেতা শিৱাজী কৃষ্ণমূৰ্তি ।
বিজেপি নেত্ৰীগৰাকীৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য কৰাৰ পাছত ডিএমকে দলে শিৱাজীক প্ৰাথমিক সদস্যপদসহ দলৰ সকলো পদৰ পৰা বহিষ্কাৰ কৰে । দলটোৱে এক বিবৃতিত কয় যে দলৰ অনুশাসন উলংঘা কৰা আৰু বদনাম অনাৰ বাবে শিৱাজী কৃষ্ণমূৰ্তিক প্ৰাথমিক সদস্যপদকে ধৰি দলৰ সকলো পদৰ পৰা বৰ্খাস্ত কৰা হৈছে ।
উল্লেখ্য যে এক দলীয় অনুষ্ঠানত কৃষ্ণমূৰ্তিয়ে তামিলনাডুৰ ৰাজ্যপাল টি এন ৰবি আৰু বিজেপি নেত্ৰী খুছবু সুন্দৰৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য কৰা দেখা গৈছিল । খুছবু সুন্দৰে দেওবাৰে শাসকীয় ডিএমকে দলটোক আৰু দলটোৰ নেতা শিৱাজী কৃষ্ণমূৰ্তিত তীব্ৰ সমালোচনা কৰে । লগতে তেওঁ দাবী কৰিছিল যে তামিলনাডুৰ মুখ্যমন্ত্ৰীয়ে এই বিষয়টো সম্পৰ্কে কথা কোৱাৰ কোনো সাহস নকৰে । নেত্ৰীগৰাকীয়ে সংবাদ মাধ্যমক কৈছিল যে যেতিয়া তেওঁলোকৰ ক'বলৈ একো নাথাকে, তেওঁলোকে এই ধৰণৰ বদনাম আৰু চৰিত্ৰক লৈ কথা ক'বলৈ আৰম্ভ কৰে ।