অসম

assam

ETV Bharat / bharat

Excise policy scam: আজি দিল্লী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিব মনীষ চিছোদিয়াৰ জামিন আবেদনৰ শুনানি - Delhi liquor scam

দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াৰ গ্ৰেপ্তাৰক কেন্দ্ৰ কৰি অব্যাহত আছে প্ৰতিক্ৰিয়া ৷ আজি দিল্লী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিব মনীষ চিছোদিয়াৰ জামিন আবেদনৰ শুনানি ৷ দিল্লীৰ আবাকাৰী কেলেংকাৰী গোচৰত গ্ৰেপ্তাৰ হৈছিল মনীষ চিছোদিয়া (Delhi excise policy scam) ৷

Excise policy scam
আজি দিল্লী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিব মনীষ চিছোদিয়াৰ জামিন আবেদনৰ শুনানি

By

Published : Apr 6, 2023, 9:16 AM IST

নেশ্যনেল ডেস্ক, 6 এপ্ৰিল:দিল্লীৰ আবকাৰী কেলেংকাৰী গোচৰত গ্ৰেপ্তাৰ হৈ কাৰাবন্দী হোৱা দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াৰ জামিন আবেদনৰ আজি শুনানি গ্ৰহণ কৰিব দিল্লীৰ উচ্চ ন্যায়ালয়ে (Manish Sisodia bail application hearing) ৷ দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ দিনেশ কুমাৰ শৰ্মাই (Justice Dinesh Kumar Sharma) গ্ৰহণ কৰিব চিছোদিয়াৰ জামিন আবেদনৰ শুনানি ৷ আবকাৰী কেলেংকাৰী গোচৰত CBIয়ে গ্ৰেপ্তাৰ কৰিছিল মনীষ চিছোদিয়াক ৷

উল্লেখ্য যে, মনীষ চিছোদিয়াক গ্ৰেপ্তাৰক কেন্দ্ৰ কৰি বৰ্তমানেও অব্যাহত আছে প্ৰতিক্ৰিয়া (Excise policy scam) ৷ গেৰুৱা দল বিজেপিয়ে বিৰোধীৰ কণ্ঠ ৰোধ কৰিবলৈ আৰু কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ অপব্যৱহাৰ কৰি মনীষ চিছোদিয়াক গ্ৰেপ্তাৰ কৰাৰ অভিযোগ উত্থাপন কৰি আহিছে আম আদমী পাৰ্টীয়ে ৷ বুধবাৰে দিল্লীত মনীষ চিছোদিয়াৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে আম আদমী পাৰ্টীয়ে (AAP Protests in Delhi) ৷ ইফালে, মনীষ চিছোদিয়াৰ জামিন সন্দৰ্ভত দিয়া এখন আবেদন প্ৰত্যাহাৰ কৰে সৰ্বোচ্চ ন্যায়ালয়ে ৷

স্মৰ্তব্য যে, 31 মাৰ্চত প্ৰত্যাহাৰ কৰা হয় চিছোদিয়াৰ জামিন আবেদন ৷ আদালতে আবকাৰী কেলেংকাৰীত চিছোদিয়া প্ৰত্যক্ষভাৱে জড়িত থকাৰ কথা উল্লেখ কৰি খাৰিজ কৰে জামিন আবেদন ৷ আবেদন খাৰিজ সন্দৰ্ভত বিচাৰ আদালতে দিয়া 34 পৃষ্ঠাৰ আদেশটোত কোৱা কয় যে চিছোদিয়াৰ মুক্তিয়ে চলি থকা তদন্তত বিৰূপ প্ৰভাৱ পেলাব পাৰে ৷ উল্লেখ্য যে, 26 ফেব্ৰুৱাৰীত চিছোদিয়াক আবকাৰী কেলেংকাৰী সন্দৰ্ভত CBIয়ে মাৰাথন জেৰা চলোৱাৰ অন্তত গ্ৰেপ্তাৰ কৰিছিল (Manish Sisodia case update) ৷

ইফালে, এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে চিবিআইৰ বিশেষ ন্যায়াধীশ এম কে নাগপালে ৷ তেওঁ কয়, ‘‘আবকাৰী কেলেংকাৰীত আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা আছে মনীষ চিছোদিয়াৰ ৷ ন্যস্ত স্বাৰ্থ সিদ্ধিৰ বাবে আবকাৰী নীতি প্ৰস্তুত কৰাত গভীৰভাৱে জড়িত চিছোদিয়া (Delhi liquor scam) ৷’’ অৱশ্যে চিছোদিয়াৰ জামিন সন্দৰ্ভত দিল্লী উচ্চ ন্যায়ালয়ে কি ৰায় প্ৰদান কৰে সেয়াহে এতিয়া লক্ষ্যনীয় হ’ব ৷

লগতে পঢ়ক:Droupadi Murmu Assam visit: আজি অসমলৈ আহিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মু

ABOUT THE AUTHOR

...view details