অসম

assam

ETV Bharat / bharat

নিয়াৰ কাৰ্যালয়ত হাজিৰ মুম্বাইৰ প্ৰাক্তন আৰক্ষী আয়ুক্ত পৰম বীৰ সিং - এছইউভি

মুম্বাইৰ প্ৰাক্তন আৰক্ষী আয়ুক্ত পৰম বীৰ সিঙে বুধবাৰে ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ মুকেশ আম্বানীৰ বাসগৃহৰ বাহিৰত বিস্ফোৰক ভৰ্তি এছইউভি ৰখা সন্দৰ্ভত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (নিয়া) ৰ কাৰ্যালয়ত হাজিৰ হয় ।

নিয়াৰ কাৰ্যালয়ত হাজিৰ মুম্বাইৰ প্ৰাক্তন আৰক্ষী আয়ুক্ত পৰম বীৰ সিং
নিয়াৰ কাৰ্যালয়ত হাজিৰ মুম্বাইৰ প্ৰাক্তন আৰক্ষী আয়ুক্ত পৰম বীৰ সিং

By

Published : Apr 7, 2021, 7:43 PM IST

নেশ্যনেল ডেস্ক, ৭ এপ্ৰিল: বুধবাৰে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (নিয়া)ৰ কাৰ্যালয়ত হাজিৰ হয় মুম্বাইৰ প্ৰাক্তন আৰক্ষী আয়ুক্ত পৰম বীৰ সিং । ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ মুকেশ আম্বানীৰ বাসগৃহৰ বাহিৰত বিস্ফোৰক ভৰ্তি এছইউভি ৰখা সন্দৰ্ভত প্ৰথমবাৰৰ বাবে নিয়াৰ কাৰ্যালয়ত হাজিৰ হয় । এছইউভি কাণ্ডত ব্যৱসায়ী মনসুখ হীৰেনৰ ৰহস্যজনকভাৱে মৃত্যু হোৱাৰ পাচত ঘটনাটোৱে এক নতুন ৰূপ লয় । বুধবাৰে পুৱা তেওঁ পোনপটীয়াকৈ সন্ত্ৰাসবাদ বিৰোধী অনুসন্ধান সংস্থাৰ কাৰ্যালয়ৰ ভিতৰলৈ যায় ।

সূত্ৰ অনুসৰি, যোৱা ২৫ ফেব্ৰুৱাৰীত এণ্টিলিয়াৰ বাহিৰত উদ্ধাৰ হোৱা এক বিস্ফোৰক ভৰ্তি এছইউভি ৰখা সন্দৰ্ভত সিঙক সংস্থাটোৱে সোধ-পোছ কৰিব । ইয়াৰ পূৰ্বে, নিয়াই অপৰাধ শাখাৰ আৰক্ষী বিষয়া শচীন ৱাজেকে ধৰি কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰিছে । নিয়াই ৱাজেই ব্যৱহাৰ কৰা কেইবাখনো বিলাসী বাহন জব্দ কৰাৰ লগতে আৰু এখন নদীৰ পৰা কেইবাটাও সামগ্ৰী উদ্ধাৰ কৰিছিল ।

উল্লেখ্য যে, মুম্বাইৰ কাৰ্মিকেল ৰোডত মুকেশ আম্বানীৰ বাসগৃহ 'এণ্টিলিয়া'ৰ সমীপত এখন মহিন্দ্ৰা স্কৰপিঅ' বাহন ৰখাই থোৱা হৈছিল । আৰক্ষীয়ে অনুসন্ধান চলোৱাত বাহনখনত বিস্ফোৰক সামগ্ৰী থকাৰ কথা পোহৰলৈ আহে । ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাৰ সূত্ৰই জনোৱা মতে, এই সন্দৰ্ভত সংস্থাটোৱে আন এক গোচৰ ৰুজু কৰি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে । আনহাতে, মহাৰাষ্ট্ৰৰ সন্ত্ৰাসবাদ বিৰোধী স্কোৱাডে(এটিএছ) স্পষ্ট কৰিছে যে, বিস্ফোৰক ভৰ্তি বাহনখনৰ গৰাকী মনসুখ হিৰেনৰ মৃত্যুৰ গোচৰৰ তদন্ত এটিএছে কৰিব ।

লগতে পঢ়ক: থানেলৈ অনা হ‘ল শচীন ৱেজক

ABOUT THE AUTHOR

...view details