নেশ্যনেল ডেস্ক, ১০ ছেপ্টেম্বৰ: উত্তৰ প্ৰদেশ(Uttar Pradesh)ৰ প্ৰাক্তন মন্ত্ৰী অত্মাৰাম টোমৰ(Atmaram Tomar)ৰ মৃতদহে ৰসহ্যজনক অৱস্থাত উদ্ধাৰ । ডিঙিত টাৱেল মেৰিয়াই থোৱা অৱস্থাত প্ৰাক্তন মন্ত্ৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাক লৈ বৰ্তমান চাঞ্চল্যৰ সৃষ্টি হৈছে । শুকুৰবাৰে বাগপটস্থিত বাসগৃহত উদ্ধাৰ হয় অত্মাৰাম টোমৰৰ মৃতদেহ । আৰক্ষীয়ে জনোৱা মতে, বৰ্তমান ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে ।
প্ৰাথমিক অনুসন্ধানৰ অন্তত আৰক্ষীয়ে এয়া এক হত্যাকাণ্ড বুলি সন্দেহ প্ৰকাশ কৰিছে । বৰ্তমান অত্মাৰাম টোমৰৰ বাসগৃহত ফৰেনচিক বিশেষজ্ঞৰ দল উপস্থিত হৈছে । স্নিফাৰ ডগকো ব্যৱহাৰ কৰা হৈছে এই তদন্ত প্ৰক্ৰিয়াত । তদন্ত প্ৰক্ৰিয়াৰ দায়িত্বত থকা এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিয়া মতে, শুকুৰবাৰে পুৱা, টোমৰৰ চালক বিজয় তেওঁৰ বাসগৃহত উপস্থিত হৈ ড'ৰবেল বজাইছিল । কিন্তু কোনো সঁহাৰি পোৱা নাছিল ।