আগৰতলা,21 ফেব্ৰুৱাৰী : ৰাজ্য, কেন্দ্ৰ আৰু উগ্ৰপন্থী গোটৰ মাজত 'ত্ৰিপাক্ষিক চুক্তি'ৰ সময়ত দিয়া প্ৰতিশ্ৰুতিসমূহ পূৰণ নকৰাৰ বাবে আগন্তুক ২৫ ফেব্ৰুৱাৰীত ২৪ ঘণ্টীয়া বন্ধৰ আহ্বান(24 hours Tripura bandh on Feb 25 )জনাইছে ৪৮ টা ঘূৰি অহা বিদ্ৰোহী সংগঠনৰ যুটীয়া সংস্থা ত্ৰিপুৰা ইউনাইটেড ইণ্ডিজেনাছ পিপলছ কাউন্সিল চমুকৈ টিইউআইপিচি(TUIPC)য়ে ।
সাংবাদিকৰ সৈতে হোৱা এক কথোপকথনত TUIPCৰ সাধাৰণ সম্পাদক ডেনিয়েল দেববৰ্মাই এই সন্দৰ্ভত তেওঁৰ মতামত ব্যক্ত কৰে ৷ তেওঁ কয় যে, "স্বাক্ষৰিত চুক্তি অনুসৰি ৰাজ্য চৰকাৰে প্ৰতিশ্ৰুতি দিছে যে তেওঁলোকে আমাৰ বিৰুদ্ধে পঞ্জীয়ন কৰা সকলো হত্যাৰ গোচৰ প্ৰত্যাহাৰ কৰিব, কিন্তু এতিয়ালৈকে এটাও গোচৰ প্ৰত্যাহাৰ কৰা পৰিলক্ষিত নহ'ল ।"
সেয়ে শান্তি চুক্তি স্বাক্ষৰৰ সময়ত দিয়া প্ৰতিশ্ৰুতিসমূহ পূৰণ নকৰা তথা এয়া ৰাজ্য চৰকাৰৰ ব্যৰ্থতা বুলি মন্তব্য কৰি TUIPCৰ সাধাৰণ সম্পাদকগৰাকীয়ে আগন্তুক 25 ফেব্ৰুৱাৰীত ৰাজ্যজুৰি ২৪ ঘণ্টীয়া বন্ধ ঘোষণা কৰে(Ex militant calls 24-hours Tripura bandh ) ৷