নেশ্যনেল ডেস্ক, 26 ডিচেম্বৰ :মাতৃহাৰা হ’ল ভাৰতীয় প্ৰাক্তন ক্ৰিকেটাৰ সুনীল গাভাস্কাৰ (Sunil Gavaskar mother passes away in Mumbai) ৷ দেওবাৰে মুম্বাইত শেষ নিশ্বাস ত্যাগ কৰে ভাৰতীয় প্ৰাক্তন ক্ৰিকেটাৰ সুনীল গাভাস্কাৰৰ মাতৃ মীনাল গাভাস্কৰে ৷ মৃত্যুৰ সময়ত মীনাল গাভাস্কৰৰ বয়স আছিল 95 বছৰ (Former Indian cricketer Sunil Gavaskars mother) ৷
ভাৰত-বাংলাদেশ টেষ্ট মেচৰ (India Bangladesh Test) বাবে বৰ্তমান বাংলাদেশত আছে গাভাস্কৰ ৷ আগন্তুক চাৰিদিনৰ ভিতৰতহে সুনীল গাভাস্কাৰ মুম্বাইত উপস্থিত হ’ব পাৰিব ৷ তেতিয়াহে তেওঁ মাতৃৰ শেষকৃত্যৰ সম্পূৰ্ণ নিয়ম-নীতি পালন কৰিব বুলি জানিব পৰা গৈছে (Meenal Gavaskar passed away)৷
তথ্য অনুসৰি, বিগত কেবাদিন ধৰি বাৰ্ধক্যজনিত কাৰণৰ বাবেই মীনাল গাভাস্কৰৰ স্বাস্থ্য সুস্থিৰ নাছিল (Sunil Gavaskars mother Meenal Gavaskar)৷ সেয়ে মাতৃৰ সৈতে অধিক সময় অতিবাহিত কৰিছিল ভাৰতীয় প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে ৷ প্ৰাক্তন ক্ৰিকেটাৰ সুনীল গাভাস্কৰ ভাৰতৰ অন্যতম প্ৰশংসিত ক্ৰীড়াবিদগৰাকী তেওঁৰ মাতৃ মীনলৰ সৈতে যথেষ্ট ঘনিষ্ঠ আছিল ।
লগতে পঢ়ক :Amit Shah on Gujarat victory: গুজৰাটৰ ঐতিহাসিক জয়ে 2024 ৰ লোকসভা নিৰ্বাচনত প্ৰভাৱ পেলাব; শ্বাহ