নেশ্যনেল ডেস্ক, ১৮ এপ্ৰিল :জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকে পুলৱামা কাণ্ডক লৈ কৰা এক মন্তব্যই দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । ইয়াক লৈ দেশত ৰাজনীতিও আৰম্ভ হৈছে । ইয়াৰ মাজতে অৱসৰপ্ৰাপ্ত কৰ্ণেল ৰোহিত চৌধুৰী আৰু অৱসৰপ্ৰাপ্ত উইং কামাণ্ডাৰ অনুমা আচাৰ্যই পুলৱামা সন্ত্ৰাসবাদী আক্ৰমণ সন্দৰ্ভত এখন শ্বেতপত্ৰ দাবী কৰিছে (Ex defence officers demand white paper)।
দুয়োগৰাকী বিষয়াই কয় যে, চৰকাৰে পুলৱামা আক্ৰমণৰ ওপৰত এখন শ্বেতপত্ৰ প্ৰকাশ কৰিব লাগে । কেনেকৈ আক্ৰমণ সংঘটিত হৈছিল, চোৰাংচোৱাৰ বিফলতা আছিল নেকি, কিয় সৈন্যসকলক বিমানত লৈ যোৱা হোৱা নাছিল, নিৰাপত্তাৰ কি ত্ৰুটি হৈছিল, চিআৰপিএফ, এমএইচএ, এমঅ'ডি, এনএছএ, পিএমঅ'ৰ ভূমিকা, বিশেষকৈ দায়িত্বৰ বিফলতা আৰু তেওঁলোকক ঢাকি ৰখাৰ প্ৰচেষ্টা আদি বিষয় শ্বেতপত্ৰত উল্লেখ কৰিব লাগে বুলিও দুয়োগৰাকী বিষয়াই দাবী কৰে (Ex defence officers slams govt)।
উল্লেখ্য যে, ২০১৯ চনৰ ১৪ ফেব্ৰুৱাৰীত জম্মুৰ পৰা কাশ্মীৰলৈ গৈ থকা অৱস্থাত পুলৱামাত হোৱা আক্ৰমণত প্ৰায় ৪০ গৰাকী চিআৰপিএফ জোৱান নিহত হৈছিল । যি ঘটনাই সমগ্ৰ দেশকে কঁপাই গৈছিল (Pulwama attack)। ইফালে এই ঘটনাক লৈ জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিক শেহতীয়াকৈ এক মন্তব্য কৰাৰ পাছতে এই ঘটনাক লৈ বিতৰ্ক আৰম্ভ হৈছে (JK Ex Governor statement over Pulwama attack)।
ইয়াৰ মাজতে প্ৰাক্তন সশস্ত্ৰ বাহিনীৰ বিষয়া দুগৰাকীয়ে শেহতীয়াকৈ সত্যপাল মালিক বিস্ফোৰক মন্তব্য আৰু প্ৰাক্তন সেনা প্ৰধান জেনেৰেল শংকৰ ৰয়চৌধুৰীৰ বক্তব্যৰ উদ্ধৃতি দিয়ে আক্ৰমণটোত চোৰাংচোৱা বিফলতা হৈছে আৰু যদি সৈন্যসকলে বিমানেৰে ভ্ৰমণ কৰিলেহেঁতেন তেন্তে এই ঘটনা নহ'লহেঁতেন বুলিও উল্লেখ কৰিছে ।