অসম

assam

ETV Bharat / bharat

এইবাৰ প্ৰাক্তন ক্ৰিকেটাৰ শ্ৰীশান্তৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ

পূৰ্বৰে পৰা স্পট ফিক্সিঙৰ দৰে বিভিন্ন অভিযোগ থকা প্ৰাক্তন ক্ৰিকেটাৰ শ্ৰীশান্তৰ বিৰুদ্ধে আন এক গুৰুতৰ অভিযোগ । দুই বন্ধুৰ সৈতে এজন লোকক প্ৰায় ১৯ লাখ টকাৰ প্ৰৱঞ্চনা কৰিছিল শ্ৰীশান্তে ।

Extorted Around 19 Lakhs
এইবাৰ প্ৰাক্তন ক্ৰিকেটাৰ শ্ৰীশান্তৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ

By ETV Bharat Assamese Team

Published : Nov 23, 2023, 6:08 PM IST

স্পৰ্টছ ডেস্ক,২৩ নৱেম্বৰ :পুনৰ বিতৰ্কত ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ এছ শ্ৰীশান্ত । এইবাৰ প্ৰাক্তন ক্ৰিকেটাৰগৰাকীৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ উত্থাপন হৈছে । কেৰালা আৰক্ষীয়ে ইতিমধ্যে শ্ৰীশান্তৰ বিৰুদ্ধে এটা গোচৰো ৰুজু কৰিছে । শ্ৰীশান্তৰ লগতে তেওঁৰ দুজন ঘনিষ্ঠ বন্ধুৰ নামো এজাহাৰত অন্তৰ্ভুক্ত কৰা হৈছে । উত্তৰ কেৰালা জিলাৰ এগৰাকী ব্যক্তিয়ে কৰা প্ৰৱঞ্চনাৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে গোচৰটো ৰুজু কৰিছে ।

অভিযোগকাৰী সৰিশ গোপালনে অভিযোগ কৰিছে যে অভিযুক্ত ৰাজীৱ কুমাৰ আৰু ভেঙ্কটেশ কিনিয়ে ২০১৯ চনৰ ২৫ মাৰ্চৰ পৰা বিভিন্ন তাৰিখত তেওঁৰ পৰা ১৮.৭০ লাখ টকা লৈছিল । শ্ৰীশান্তৰ সৈতে মিত্ৰতা কৰি এখন ক্ৰীড়া একাডেমী স্থাপন কৰা বুলিও তেওঁ দাবী কৰিছিল । কোৱা হৈছিল যে এই একাডেমীখন কৰ্ণাটকৰ কল্লুৰত নিৰ্মাণ কৰা হ'ব । অভিযোগত তেওঁ কয় যে তেওঁক একাডেমীৰ অংশীদাৰ হ'বলৈ প্ৰস্তাৱ দিয়া হৈছিল, যাৰ বাবে তেওঁ ধন বিনিয়োগ কৰিছিল । কিন্তু তেওঁ যেতিয়া ধন ঘূৰাই বিচাৰিছিল তিনিওজন অভিযুক্তই ধন দিবলৈ অস্বীকাৰ কৰিছিল ।

আবেদনকাৰীৰ মতে তেওঁ ২০১৯ চনত ভেঙ্কটেশ আৰু ৰাজীৱ কুমাৰক মুকাম্বিকা মন্দিৰ দৰ্শনৰ সময়ত লগ পাইছিল । তেতিয়াই তেওঁলোকে আবেদনকাৰীক প্ৰস্তাৱ দিছিল । কিন্তু তেওঁলোকে ধন লাভ কৰাৰ পাছতো কামৰ কোনো অগ্ৰগতি হোৱা নাছিল । সৰিশৰ অভিযোগৰ ভিত্তিত আইপিচি ধাৰা ৪২০ৰ অধীনত এছ শ্ৰীশান্ত আৰু আন দুজনৰ বিৰুদ্ধে কান্নুৰ টাউন আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰিছে । শ্ৰীশান্তক গোচৰটোৰ তৃতীয় অভিযুক্ত হিচাপে উল্লেখ কৰা হৈছে ।

উল্লেখ্য যে ইয়াৰ পূৰ্বেও শ্ৰীশান্ত বিতৰ্কৰ মাজত সোমাই পৰিছিল । ২০০৭ চনৰ টি-২০ বিশ্বকাপ আৰু ২০১১ চনৰ এদিনীয়া বিশ্বকাপ বিজয়ী ভাৰতীয় দলৰ সদস্য শ্ৰীশান্তৰ বিতৰ্কৰ সৈতে দীৰ্ঘদিনীয়া সম্পৰ্ক আছে । আই পি এলৰ প্ৰথম সংস্কৰণত অৰ্থাৎ ২০০৮ চনত হৰভজন সিঙে এখন খেলৰ পাছত তেওঁক চৰ মাৰিছিল । ২০১৩ চনত আই পি এলৰ সময়ত ৰাজস্থান ৰয়েলছৰ হৈ খেলি থাকোতে স্পট ফিক্সিঙৰো অভিযোগ উঠিছিল শ্ৰীশান্তৰ বিৰুদ্ধে ।

লগতে পঢ়ক :आईपीएल 2024 की तैयारियां हुईं तेज, नीलामी के लिए 590 खिलाड़ी शॉर्टलिस्ट

ABOUT THE AUTHOR

...view details