নিউজ ডেস্ক, 4 আগষ্ট: জম্মু আৰু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাম নবী আজাদে দেওবাৰে এটা নতুন দল গঠনৰ কথা ঘোষণা কৰে(Ghulam Nabi Azad announces new party) । কংগ্ৰেছ দল ত্যাগ কৰাৰ পাছত গোলাম নবী আজাদে(Ex congress leader Ghulam nabi azad) প্ৰথমবাৰলৈ ৰাজ্যখনত এক জনসভা সম্বোধন কৰি এই কথা ঘোষণা কৰে ৷ অৱশ্যে, তেওঁ এই নতুন দলটোৰ নাম উল্লেখ কৰা নাই । জনসভাখন সম্বোধন কৰি তেওঁ কয় যে ৰাইজেই দলটোৰ নাম আৰু প্ৰতীক চিহ্ন নিৰ্ণয় কৰিব (Ghulam nabi azad rally in Jammu) ।
তেওঁ জনতাক উদ্দেশ্যি কয় যে, "আমি আমাৰ দলৰ হিন্দুস্তানী নাম ৰাখিম । আমি পূৰ্ণ ৰাজ্যৰ দাবী চৰকাৰৰ সন্মুখত ৰাখিম । তেওঁ লগতে কয় যে, জম্মু-কাশ্মীৰৰ পূৰ্ণ ৰাজ্যৰ মৰ্যাদা পুনৰুদ্ধাৰ কৰা, ইয়াৰ নাগৰিকসকলৰ বাবে ভূমি আৰু চাকৰিৰ অধিকাৰ সুৰক্ষিত কৰা আৰু কাশ্মীৰী পণ্ডিতসকলক ওভতাই অনা আৰু পুনৰ্সংস্থাপনৰ ওপৰত গুৰুত্ব দিয়াই হ’ব দলৰ মূল উদ্দেশ্য । তেওঁ আৰু কয় য়ে, বাহিৰাগত কোনেও জম্মু আৰু কাশ্মীৰত মাটি কিনিব নোৱাৰিব তথা চৰকাৰী চাকৰি পাব নোৱাৰিব ৷"