অসম

assam

ETV Bharat / bharat

দৃষ্টিহীনৰ সমস্যাৰ সমাধান বিচাৰি মুখ্যমন্ত্ৰীলৈ চিঠি লিখিলে প্ৰাক্তন মুখ্যন্ত্ৰীয়ে - Ex CM urged Tripura Govt

মুখ্যমন্ত্ৰীলৈ চিঠি লিখিলে প্ৰাক্তন মুখ্যন্ত্ৰীয়ে ৷ দৃষ্টিহীনসকলৰ দীৰ্ঘদিনীয়া সমস্যাৰ সমাধান বিচাৰি মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱলৈ পত্ৰ লিখিলে প্ৰাক্তন মুখ্যমন্ত্ৰী মানিক সৰকাৰে (Manik Sarkar wrote letter to CM Biplab Kumar Deb)৷

Manik Sarkar wrote letter to CM Biplab Kumar Deb
দৃষ্টিহীনসকলৰ সমস্যা সমাধানৰ দাবী মানিক সৰকাৰৰ

By

Published : Feb 21, 2022, 8:46 PM IST

আগৰতলা, 21 ফেব্ৰুৱাৰী: দৃষ্টিহীনসকলৰ সমস্যা সমাধানৰ বাবে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱক দাবী জনাইছে প্ৰাক্তন মুখ্যমন্ত্ৰী মানিক সৰকাৰে (Manik Sarkar wrote letter to CM Biplab Kumar Deb)৷ এই সম্পৰ্কত মুখ্যমন্ত্ৰীলৈ লিখা এখন পত্ৰত বিৰোধী দলৰ দলপতি তথা প্ৰাক্তন মুখ্যমন্ত্ৰী মানিক সৰকাৰে উল্লেখ কৰে যে, 19 ফেব্ৰুৱাৰীত 'All Tripura Blind Association’ এটা প্ৰতিনিধি দলে তেওক সাক্ষাৎ কৰি দৃষ্টিহীনসকলৰ দীৰ্ঘদিনীয়া সমস্যাসমূহৰ সমাধান বিচাৰি এখন স্মাৰকপত্ৰ প্ৰদান কৰিছিল ৷

দৃষ্টিহীন লোকসকলক অন্তৰ্নিহিত শক্তি আৰু সামৰ্থৰ ওপৰত আস্থা ৰাখি তেওঁলোকৰ নিৰাপত্তাৰ লগতে সমৃদ্ধিৰ বাবে চৰকাৰ আৰু সমাজৰ সহায়ৰ লগতে সহানুভূতিৰ প্ৰয়োজন ৷ কিন্তু ত্ৰিপুৰা চৰকাৰৰ পৰা দৃষ্টিহীনসকলে তেনে উপযুক্ত সহানুভূতি আৰু প্ৰয়োজনীয় সহায় লাভ কৰা নাই বুলি মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱলৈ লিখা পত্ৰত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ৷ ই অতি দুখৰ বিষয় বুলি উল্লেখ কৰে মানিক সৰকাৰে৷ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা পত্ৰখনৰ লগত প্ৰবীণ ৰাজনৈতিক নেতাগৰাকীয়ে 'All Tripura Blind Association’ প্ৰদান কৰা স্মাৰকপত্ৰখনো গাঁথি দিয়ে ৷

পত্ৰত মানিক সৰকাৰে পুনৰ উল্লেখ কৰে যে, দৃষ্টিহীনসকলৰ সমস্যা আৰু দাবীসমূহৰ বিষয়ে অধিক বৰ্ণনাৰ প্ৰয়োজনবোধ কৰা নাই ৷ প্ৰয়োজন সাপেক্ষে দৃষ্টিহীনসকলক নিমন্ত্ৰণ জনাই তেওলোকক মুখেৰেই সমস্যাসমূহৰ বিষয়ে জ্ঞাত হ’বলৈও পত্ৰযোগে ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱক আহ্বান জনায় ৷

লগতে পঢ়ক:২৫ ফেব্ৰুৱাৰীত ২৪ ঘণ্টীয়া ত্ৰিপুৰা বন্ধৰ আহ্বান টিইউআইপিচিৰ

ABOUT THE AUTHOR

...view details