নেশ্যনেল ডেস্ক,২৯ জুলাই :মণিপুৰৰ ঘটনাত বিদেশী সংস্থাসমূহ জড়িত থকাৰ কথা অস্বীকাৰ কৰিব নোৱাৰি । মণিপুৰৰ পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰি এই মন্তব্য কৰে প্ৰাক্তন সেনা প্ৰধান জেনেৰেল এম এম নাৰাভানেয়ে । প্ৰাক্তন সেনা প্ৰধানগৰাকীয়ে শুকুৰবাৰে মণিপুৰৰ বিভিন্ন বিদ্ৰোহী গোটক চীনৰ সহায়ৰ কথাও উল্লেখ কৰে ।
প্ৰাক্তন সেনা প্ৰধানগৰাকীয়ে ইণ্ডিয়া ইণ্টাৰনেশ্যনেল চেণ্টাৰত 'ৰাষ্ট্ৰীয় সুৰক্ষা দৃষ্টিকোণ' সন্দৰ্ভত আলোচনাৰ সময়ত মণিপুৰত চলি থকা হিংসাত্মক ঘটনা সন্দৰ্ভত সাংবাদিকৰ সন্মুখত মন্তব্য কৰে । সেনা প্ৰধানগৰাকীয়ে কয় যে তেওঁ নিশ্চিত ক্ষমতাত থকা আৰু যিকোনো পদক্ষেপ লোৱাৰ বাবে দায়বদ্ধ লোকসকলে তেওঁলোকৰ সৰ্বশ্ৰেষ্ঠ চেষ্টা কৰি আছে । তেওঁৰ মতে ইয়াত বিদেশী সংস্থাসমূহ জড়িত হোৱাটো অস্বীকাৰ কৰিব নোৱাৰি । আনহাতে বিভিন্ন বিদ্ৰোহী গোটে লাভ কৰা চীনা সাহায্যৰ বাবে তেওঁ নিশ্চিত যে তাত বিদেশী সংস্থাসমূহ জড়িত আছে । প্ৰাক্তন সেনা প্ৰধানগৰাকীয়ে লগতে কয় যে চীনে বহু বছৰ ধৰি এই বিদ্ৰোহী গোটবোৰক সহায় কৰি আহিছে আৰু এই সহযোগিতা কৰি যাব ।
দুগৰাকী মণিপুৰী মহিলাক উলংগ কৰি পেৰেড কৰাৰ ভিডিঅ'টো ভাইৰেল হোৱাকলৈ দেশজুৰি ক্ষোভৰ বহিঃপ্ৰকাশ হৈছে । ইয়াৰ মাজতে কেৰালাৰ ৰাজ্যপাল আৰিফ মহম্মদ খানে শুকুৰবাৰে কয় যে জনসাধাৰণৰ মাজত আস্থা বজাই ৰাখিবলৈ অপৰাধীসকলৰ বিৰুদ্ধে কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰা প্ৰয়োজন ।