অসম

assam

ETV Bharat / bharat

ঐক্যবদ্ধ হৈ ক’ভিডৰ মুখামুখী হোৱাৰ আহ্বান ছোনিয়া গান্ধীৰ - ক’ভিড-১৯

দলীয় ভেদাভেদৰ বাহিৰলৈ গৈ ক’ভিড 19ৰ মুখামুখি হ’বলৈ কেন্দ্ৰীয় চৰকাৰক আহ্বান ছোনিয়া গান্ধীৰ ৷ এক ভিডিঅ’ বাৰ্তা যোগে কংগ্ৰেছৰ অধ্যক্ষা গৰাকীয়ে কেন্দ্ৰ-ৰাজ্যত থকা চৰকাৰ সমূহক আৰু অধিক জাগ্ৰত হৈ দায়িত্ব ৰূপায়ণ কৰিবলৈ আহ্বান জনায় ৷

evolve-political-consensus-on-national-policy-to-tackle-covid-surge-sonia-gandhi-to-centre
দল ভেদে ঐক্যবদ্ধ হৈ ক’ভিডৰ সৈতে যুজিবলৈ কেন্দ্ৰীয় চৰকাৰক আহ্বান ছোনিয়া গান্ধীৰ

By

Published : May 1, 2021, 8:27 PM IST

নেছনেল ডেস্ক,1 মে’: ভাৰতবৰ্ষই ক’ভিড-১৯ সংক্ৰমণ বৃদ্ধিৰ সৈতে যুঁজ দিয়াৰ সময়তে কংগ্ৰেছ অধ্যক্ষা ছোনিয়া গান্ধীয়ে শনিবাৰে কেন্দ্ৰীয় চৰকাৰক মহামাৰীৰ বৰ্ধিত সংক্ৰমণৰ সৈতে মোকাবিলা কৰিবলৈ ৰাষ্ট্ৰীয় নীতিৰ ওপৰত দলীয় ভেদাভেদৰ ঊৰ্দ্ধলৈ গৈ ৰাজনৈতিক সহমত প্ৰকাশ কৰিবলৈ আহ্বান জনায় ৷ শনিবাৰে, এক ভিডিঅ’ বাৰ্তাযোগে কংগ্ৰেছ অধ্যক্ষা গৰাকীয়ে কয়, এতিয়া কেন্দ্ৰ আৰু ৰাজ্যত থকা চৰকাৰসমূহ সাৰে থাকি তেওঁলোকৰ দায়িত্ব পালন কৰাৰ সময় ।

আনহাতে, কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি ভাৰতৰ দৈনিক ক’ভিড-19 সংক্ৰমণৰ ঘটনা শনিবাৰে অভিলেখ সংখ্যক 4,01,993 লৈ উপনীত হয় ৷ ইয়াৰ লগে লগেই মুঠ আক্ৰান্তৰ ঘটনাৰ সংখ্যা 1,91,64,969 লৈকে বৃদ্ধি পাইছে ৷

লগতে পঢ়ক:উত্তৰ প্ৰদেশ চৰকাৰক সমালোচনা প্ৰিয়ংকা গান্ধীৰ

ABOUT THE AUTHOR

...view details