ভাল আৰু সুস্থ জীৱনশৈলী বজাই ৰখাটো অতি প্ৰয়োজনীয় । স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰিলে কেৱল আমাৰ ভোক পূৰণ নহয় । ইয়াৰ উপৰিও ই আমাক পুষ্টি আৰু শক্তি প্ৰদান কৰে । বিশেষজ্ঞসকলৰ মতে পুৰুষ আৰু মহিলাৰ খাদ্যৰ প্ৰয়োজনীয়তা বেলেগ বেলেগ । যিটো দুয়োজনে অনুসৰণ কৰিব লাগে । মহিলাসকল ঘৰ বা অফিচৰ কামত ইমানেই ব্যস্ত যে ইয়াৰ বাবেই তেওঁলোকে নিজৰ স্বাস্থ্যকো আওকাণ কৰে । ভাল খাদ্য গ্ৰহণ নকৰে ।
ইয়াৰ ফলত বহু মহিলা বিভিন্ন ৰোগত ভুগিবলগীয়া হয় । এনে পৰিস্থিতিত মহিলাসকলে স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰাটো প্ৰয়োজনীয় । সেয়ে এই প্ৰতিবেদনত কিছুমান ছুপাৰফুডৰ কথা উল্লেখ কৰা হৈছে । এই ছুপাৰফুড মহিলাই নিজৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰি সুস্থ হৈ থাকিব পাৰে ।
ফল
অমিতা, জামু, আঙুৰ আদি ফল আদি পাৰে । আঙুৰ খাব পাৰে । এইটো হৃদযন্ত্ৰৰ বাবে অতি উপকাৰী । ইয়াৰ ফলত মহিলাৰ ষ্ট্ৰোকৰ সম্ভাৱনা হ্ৰাস পায় । জামুৰ এন্টিঅক্সিডেন্ট গুণ থাকে । ইহঁতে কোষৰ ক্ষতি ৰোধ কৰে । ইয়াৰ ফলত আপোনাৰ মনটোও সতেজ হৈ থাকে । অমিতাই স্তন কেন্সাৰৰ সম্ভাৱনা হ্ৰাস কৰে । ইয়াৰ ফলত কলেষ্টেৰলৰ মাত্ৰাও নিয়ন্ত্ৰণত থাকে ।
বীন
বীনত আঁহ আৰু প্ৰ’টিন থাকে । এইটো মহিলাৰ বাবে অতি উপকাৰী । বীন খালে ৰক্তচাপৰ মাত্ৰা নিয়ন্ত্ৰণত থাকে । ইয়াক গ্ৰহণ কৰিলে ৰক্ত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণত ৰখাত সহায় কৰে ।