অসম

assam

ETV Bharat / bharat

Every person Has Baba or Babu : এখন গাঁৱত আছে বাবা আৰু বাবু; ক’ত আছে এই গাঁওখন ? - তেলেংগানাৰ এখন বিশেষ গাওঁৰ কথাৰে

ভাৰতবৰ্ষৰ দক্ষিণৰ এখন ৰাজ্য তেলেংগানাৰ এখন গাঁও, যিখন গাঁৱৰ আছে এক বিশেষত্ব (Every person Has Baba or Babu in their name in telengana)৷ বিশেষত্ব তথা বিস্তৃত তথ্যৰ বাবে পঢ়ক আমাৰ এই প্ৰতিবেদন...

Baba or Babu in their name in Madanapalle Village
তেলেংগানাৰ এখন বিশেষ গাওঁৰ কথাৰে

By

Published : Jan 16, 2023, 2:16 PM IST

নেশ্যনেল ডেস্ক, 16 জানুৱাৰী :জাতি, ধৰ্ম তথা ৰুচিৰ ওপৰত নিৰ্ভৰ কৰি প্ৰতিগৰাকী লোকৰে নামত থাকে বিভিন্নতা ৷ প্ৰতিটো সন্তানৰ জন্মৰ পাছতে পিতৃ-মাতৃ তথা আত্মীয়-স্বজনে সন্তানটিৰ ৰাখে এটি বিশেষ নাম ৷ কিন্তু ভাৰতবৰ্ষৰ এখন ৰাজ্য আছে যিখন ৰাজ্যৰ এখন গাঁৱত প্ৰতি গৰাকী লোকৰে নামত আছে সাদৃশ্য ৷ দক্ষিণ ভাৰতৰ তেলেংগানা ৰাজ্যত অৱস্থিত সেই বিশেষ গাঁওখন ৷ তেলেংগানাৰ বিকাৰবাদ জিলাৰ বোমৰাছ পেটা মণ্ডলৰ মদনাপল্লে গাঁৱত আছে এক বিশেষত্ব ৷

এই গাঁওখনৰ প্ৰতিগৰাকী লোকৰে নামতে আছে "বাবা" ৷ প্ৰতিটো ঘৰৰ বাবা চাহেবৰ দৰগাহৰ লগত কিবা নহয় কিবা এটা সম্পৰ্ক আছে । সেইটো হ'ল তেওঁলোকে বাবাৰ নাম নিজৰ নামত ৰাখে (Baba Saheb’s Dargah in Madanapalle Village of telengana)। এই গাঁৱৰ বেছিভাগ মানুহৰ নাম বাবু শব্দৰ লগত জড়িত । ঘৰৰ যিকোনো ব্যক্তিৰ নাম এনেদৰে ৰখা হয় যাতে ‘বা’ আখৰটো নামটোৰ সৈতে সম্পৃক্ত হৈ থাকে ।

এই গাঁৱত ৩০ৰ পৰা ৫০ বছৰ বয়সৰ অধিকাংশ পুৰুষ আৰু মহিলাৰ নাম ক্ৰমে বাবায়া আৰু বাবাম্মা । পূৰ্বৰ প্ৰজন্মত বাবায়া আৰু বাবাম্মা নামৰ লোক বেছি আছিল, আজিৰ প্ৰজন্মই ধাৰাটো অলপ সলনি কৰি দিছে যদিও নামবোৰ এনেকৈ ৰখা হৈছে যাতে বাবু নামটো একত্ৰিত কৰিব পৰা যায় (Babayya and Babamma in Madanapalle)।

সময় বাগৰাৰ লগে লগে বাবায়া নামৰ পয়োভৰ কমি গ’লেও নামৰ সৈতে ‘বা’ আখৰটো যুক্ত কৰি ৰাখিবলৈ পাহৰা নাই গাঁওবাসীয়ে ৷ নামটোৰ আগত বা পাছত এতিয়াও গাঁওবাসীয়ে বাবা অথবা বাবু ব্যৱহাৰ কৰি আহিছে । জাতি অথবা ধৰ্মৰ ভেদা ভেদ অবিহনেই প্ৰতিটো জাতি-ধৰ্মৰ লোকে নামৰ সৈতে যোগ কৰি আহিছে বাবাৰ নাম । বাবা চাহেব দৰগাহৰ প্ৰতি থকা অত্যন্ত ভক্তিৰ বাবেই গাঁওবাসীয়ে বছৰৰ পাছত বছৰ ধৰি ৰক্ষা কৰি আহিছে এই পৰম্পৰা ৷

উল্লেখ্য যে, বাবা চাহেব দৰগাহ এই গাঁৱৰ বাহিৰত অৱস্থিত । এই দৰগাহ এজোপা অতি পুৰণি বট গছৰ মাজত অৱস্থিত । পূৰ্বপুৰুষসকলে এই গছডাল ২০০ বছৰীয়া পুৰণি বুলি জানিবলৈ দিয়ে । ভক্তৰ ইচ্ছা পূৰণৰ বাবে জনাজাত এই দৰগাহটো (Every person Has Baba or Babu in their name)।

বেছিভাগ মানুহেই বিশ্বাস কৰে যে নিঃসন্তান লোকসকলে এই দৰগাহৰ নামাজ পঢ়িব নোৱাৰিলে তেন্তে তেওঁলোক সোনকালে পিতৃ-মাতৃ হ’ব । এই দৰগাহটোত প্ৰাৰ্থনা কৰি নিঃসন্তান দম্পতীয়ে সোনকালে সন্তান লাভ কৰে বুলি এক জনবিশ্বাস প্ৰচলিত ৷ বাবাৰ নামৰ লগত মিলাবলৈ ল'ৰা-ছোৱালীক অভিভাৱকে দিছিল এই নাম ।

এনে কোনো ঘৰ নাই য'ত বাবাৰ নাম উচ্চাৰণ কৰা নহয় । সেই বাবাক প্ৰাৰ্থনা কৰিবলৈ নিৰ্দিষ্ট কোনো জাতি-ধৰ্ম-বৰ্ণৰ লোক হোৱাৰ প্ৰয়োজন নাই । প্ৰতিটো ধৰ্মাৱলম্বী লোকে বাবাক প্ৰাৰ্থনা কৰে । হায়দৰাবাদকে ধৰি প্ৰায় ৩০ কিলোমিটাৰ দূৰত্বৰ পৰা এই দৰগাহলৈ ভক্তৰ আগমন ঘটে । ভক্তৰ ইচ্ছা পূৰণ হ’লে তেওঁলোকে কান্দুৰু অৰ্থাৎ বিশেষ পূজাৰ আয়োজন কৰে । প্ৰতি ২ বছৰৰ বাবে গাঁৱৰ মানুহে উৰ্ছু উৎসৱ পালন কৰে ইচ্ছা পূৰণৰ পাছত (Ursu festival in Telengana)।

লগতে পঢ়ক :Aircraft crashed in Nepal: 72 গৰাকী আৰোহীসহ জাহ গ’ল এখন বিমান; প্ৰত্যক্ষদৰ্শীয়ে দিলে শিহৰণকাৰী বৰ্ণনা

ABOUT THE AUTHOR

...view details