নিউজ ডেস্ক, ১৪ অক্টোবৰ :যুদ্ধবিধ্বস্ত ইজৰাইল এৰি ঘৰলৈ ঢাপলি মেলিব বিচৰা দুটা নৱজাতককে ধৰি ২৩৫ জন ভাৰতীয় নাগৰিকৰ দ্বিতীয়টো দলক শুকুৰবাৰে 'অপাৰেচন অজয়'ৰ অধীনত সুৰক্ষিতভাৱে স্থানান্তৰ কৰা হৈছে । এই সন্দৰ্ভত এক্স পোষ্টত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে শনিবাৰে কয়, "২৩৫ জন ভাৰতীয় নাগৰিকক লৈ দ্বিতীয়খন বিমান তেল আভিভৰ পৰা উৰা মাৰিছে ।" উল্লেখ্য যে সন্ত্ৰাসবাদী সংগঠন হামাছৰ সৈতে ইজৰাইলৰ তীব্ৰ সংঘৰ্ষৰ মাজত ২১২ জন ভাৰতীয়ক লৈ প্ৰথমখন বিমান আহি ভাৰতত উপস্থিত হোৱাৰ এদিন পিছত এই দলটো ভাৰতলৈ আহিছে ।
৭ অক্টোবৰত গাজাৰ পৰা হামাছ সন্ত্ৰাসবাদীয়ে ইজৰাইলী চহৰসমূহত কৰা ভয়ানক আক্ৰমণৰ পিছত স্বদেশলৈ উভতি আহিব বিচৰা লোকসকলক ঘূৰাই অনাৰ সুবিধাৰ বাবে ভাৰতে বৃহস্পতিবাৰে 'অপাৰেচন অজয়' আৰম্ভ কৰে ।
আনহাতে, ইজৰাইলৰ ভাৰতীয় দূতাবাসে শনিবাৰে এক্সত কয়, "২৩৫ গৰাকী ভাৰতীয় নাগৰিকক কঢ়িয়াই অনা অপাৰেচন অজয়ৰ দ্বিতীয়খন বিমান তেল আভিভৰ পৰা দিল্লীলৈ ৰাওনা হৈছে । দ্বিতীয় দলটোৱে স্থানীয় সময় অনুসৰি নিশা ১১.০২ বজাত উৰা মাৰে । ভাৰতীয় নাগৰিকসকলক স্থানান্তৰ কৰাটো দেওবাৰেও অব্যাহত থাকিব ।" দূতাবাসে কয় । "দূতাবাসে আজি বিশেষ বিমানখনৰ বাবে পৰৱৰ্তী পঞ্জীয়নভুক্ত ভাৰতীয় নাগৰিকসকলক ইমেইল কৰিছে । পৰৱৰ্তী বিমানৰ বাবে আন পঞ্জীয়নভুক্ত লোকসকললৈ বাৰ্তা প্ৰেৰণ কৰা হ'ব ।" ভাৰতীয় দূতাবাসে এক্সত এই ঘোষণা কৰে ।
বাৰ-ইলান বিশ্ববিদ্যালয়, ছেফেডৰ এগৰাকী গৱেষকে ভাৰত চৰকাৰক 'অপাৰেচন অজয়'ৰ বাবে ধন্যবাদ জনাইছে । "ইজৰাইলৰ যুদ্ধ পৰিস্থিতিৰ পৰা আমাক আঁতৰাই অনাৰ বাবে মই সঁচাকৈয়ে ভাৰত চৰকাৰক ধন্যবাদ জনাব বিচাৰোঁ... আমাৰ চৰকাৰে আমাক 'অপাৰেচন অজয়'ৰ অধীনত এনে পৰিস্থিতিৰ পৰা আঁতৰাই আনিছে ।" ছেফেডৰ বাৰ-ইলান বিশ্ববিদ্যালয়ৰ আজৰিলি ফেকাল্টি অব মেডিচিনৰ পিএইচডি ছাত্ৰ সূৰ্যকান্ত তিৱাৰীয়ে পিটিআইক জনায় । উল্লেখ্য যে ইজৰাইলৰ পৰা ভাৰতীয় নাগৰিকসকলক ঘূৰাই অনাৰ সুবিধাৰ বাবে প্ৰথমখন চাৰ্টাৰ বিমান বৃহস্পতিবাৰে সন্ধিয়া বেন গুৰিয়ন বিমানবন্দৰৰ পৰা ২১১ জন প্ৰাপ্তবয়স্ক আৰু যুদ্ধবিধ্বস্ত অঞ্চলত বাস কৰা এটা কেঁচুৱাক লৈ ৰাওনা হৈছিল আৰু শুকুৰবাৰে পুৱা দেশৰ ৰাজধানীত উপস্থিত হৈছিল ।