অসম

assam

ETV Bharat / bharat

27 এপ্ৰিলত মুকলি হ’ব ইটিভি নেটৱৰ্কৰ নৱতম সংযোজন ইটিভি বাল্য ভাৰত - etv cartoon channel

২৭ এপ্ৰিলত আত্মপ্ৰকাশ ঘটিব ইটিভি নেটৱৰ্কে শিশুৰ বাবে লৈ অহা বিশেষ মনোৰঞ্জনধৰ্মী চেনেল ইটিভি বাল্য ভাৰত ৷ অসমীয়া ভাষাৰ প্ৰথমটো কাৰ্টুন চেনেল হিচাপে মঙলবাৰে মুকলি হ’বলগীয়া ইটিভি বাল্য ভাৰতে অসমীয়া ভাষাতে বিভিন্ন মনোৰঞ্জনধৰ্মী বিষয়ৰ জৰিয়তে শিশুসকলক মনোৰঞ্জন প্ৰদান কৰাৰ লগতে শিশুৰ জিজ্ঞাসা পূৰণত সহায় কৰিব ৷

ETV Bal Bharat  exclusive childrens channel in Your language name to go live on
কাইলৈ মুকলি হ’ব ইটিভি নেটৱৰ্কৰ বিশেষ সংযোজন ইটিভি বাল্য ভাৰত

By

Published : Apr 26, 2021, 9:55 PM IST

নিউজ ডেস্ক, 26 এপ্ৰিল : এতিয়াৰে পৰা আপোনাৰ নিজৰ ভাষাত চাব পাৰিব শিশুসকলৰ বাবে লৈ অহা বিশেষ চেনেল ইটিভি বাল্য ভাৰত ৷ স্বকীয় সমল থকা দূৰদৰ্শন চেনেলটোৱে শিশুসকলক তেওঁলোকৰ মাতৃভাষাত মনোৰঞ্জন দিব ৷ অসমীয়া ভাষাৰ প্ৰথমটো কাৰ্টুন চেনেল হিচাপে 27 এপিৰল অৰ্থাৎ মঙলবাৰে মুকলি হ’বলগীয়া ইটিভি নেটৱৰ্কৰ নৱতম সংযোজন ইটিভি বাল্য ভাৰতে অসমীয়া ভাষাতে বিভিন্ন মনোৰঞ্জনধৰ্মী বিষয়ৰ জৰিয়তে শিশুসকলক মনোৰঞ্জন প্ৰদান কৰাৰ লগতে শিশুৰ জিজ্ঞাসা পূৰণত সহায় কৰিব ৷

শিশুসকলক আকৰ্ষিত কৰিব পৰাকৈ ইটিভি বাল্য ভাৰতে এনিমেটেড শৃংখলা আৰু কাৰ্টুনৰ সৈতে আকৰ্ষকণীয় সমল লৈ আহিব ৷ অভিমন্যুৰ দৰে আড়ম্বৰপূৰ্ণভাৱে কোৱা এনিমেচন শৃংখলাৰ জৰিয়তে শৈশৱ উদযাপন, শিশুসকলৰ কৌতুহলপূৰ্ণ মনোভাৱ আৰু কৌতুহল পূৰণ কৰিব পৰাকৈ ইটিভি বাল্য ভাৰতক প্ৰস্তুত কৰা হৈছে ৷

আকৰ্ষণীয় বৰ্ণনা আৰু আকৰ্ষণীয় চৰিত্ৰৰ সৈতে সমৰ্পিত টিভি চেনেলটোৱে দুঃসাহসিক, একচন আৰু কৌতুকৰ কাহিনীৰ জৰিয়তে শিশুক বিশেষভাৱে আকৰ্ষিত কৰিব পাৰিব বুলি আশা কৰা হৈছে ৷ চেনেলটোৱে নিজৰ প্ৰচেষ্টাৰ জৰিয়তে দৰ্শকৰ পচন্দক গুৰুত্ব দিয়াৰ লগতে নিৰ্দিষ্ট অঞ্চলটোৰ আঞ্চলিক বিষয়বোৰক প্ৰাধান্য দিব ৷

উল্লেখ্য যে, ইটিভি বাল্য ভাৰত হৈছে হায়দৰাবাদস্থিত ইটিভি নেটৱৰ্কৰ অংশ, যি আঞ্চলিক চেটেলাইট টেলিভিশ্বন আৰু প্ৰসিদ্ধ সংবাদমাধ্যম তথা মনোৰঞ্জনধৰ্মী ব্ৰেণ্ডৰ বাবে জনাজাত ৷ ইটিভি বাল্য ভাৰত কেইবাটাও ভাৰতীয় ভাষাত উপলব্ধ হ'ব ৷ ইংৰাজীৰ উপৰিও অসমীয়া, বঙালী, গুজৰাটী, হিন্দী, কানাড়া, মাৰাঠী, মালায়ালম, ওড়িয়া, পাঞ্জাৱী, তেলেগু আৰু তামিল ভাষাতো উপলব্ধ হ’ব ইটিভি বাল্য ভাৰত ।

লগতে পঢ়ক: মহামাৰীৰ গ্ৰাসত হেৰাই যাব নেকি ভ্ৰাম্যমাণ থিয়েটাৰ ?

ABOUT THE AUTHOR

...view details