অসম

assam

By ETV Bharat Assamese Team

Published : Nov 3, 2023, 7:17 PM IST

ETV Bharat / bharat

Cash for Query Case : নৈতিকতা পেনেলে দুৰ্যোধনৰ দৰে আচৰণ কৰিছিল; মহুৱা বিতৰ্ক সন্দৰ্ভত তৃণমূল নেতাৰ ভাষ্য

বিজেপিয়ে নাৰী সুৰক্ষা আৰু সবলীকৰণৰ ওপৰত ডাঙৰ ভাষণ দিয়ে । কিন্তু লোকসভা নৈতিকতা পেনেলে ‘‘ধনৰ বিনিময়ত প্ৰশ্নৰ’’ শুনানিৰ সময়ত সাংসদ মহুৱা মৈত্ৰক অপমান কৰাৰ সময়ত নীৰৱ দৰ্শক হৈ থাকে । পেনেলৰ সদস্যসকলে মহাভাৰতত দুৰ্যোধন চৰিত্ৰৰ দৰে ইয়াক উপভোগ কৰে । আনহাতে, অধ্যক্ষ ধৃতৰাষ্ট্ৰৰ দৰে বহি থাকে । ইফালে পেনেলৰ অধ্যক্ষ সোনকাৰে মহুৱাৰ বিৰুদ্ধে তেওঁ তথা আন সদস্যসকলৰ বিৰুদ্ধে অসংসদীয় ভাষা ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰে ।

নৈতিকতা পেনেলে দুৰ্যোধনৰ দৰে আচৰণ কৰিছিল
Cash for Query Case

নিউজ ডেস্ক, ৩ নৱেম্বৰ :ধনৰ বিনিময়ত প্ৰশ্ন গোচৰত তৃণমূল সাংসদ মহুৱা মৈত্ৰ নৈতিকতা পেনেলৰ সন্মুখীন হয় । আনহাতে, টিএমচিয়ে লোকসভাৰ নৈতিকতা পেনেলে শুনানিৰ ক্ষেত্ৰত গ্ৰহণ কৰা ভূমিকাক লৈ তীব্ৰ আপত্তি দৰ্শাইছে । পশ্চিমবংগৰ মন্ত্ৰী শশী পাঞ্জাই নৈতিক সমিতিৰ বৈঠকত 'ব্যক্তিগত প্ৰশ্ন' সোধা বুলি তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰই কৰা অভিযোগৰ বিষয়টোত 'নীৰৱ দৰ্শক'ৰ ভূমিকা গ্ৰহণৰ বাবে বিজেপিক তীব্ৰ সমালোচনা কৰে ।

মন্ত্ৰী পাঞ্জাই মহাকাব্য মহাভাৰতৰ প্ৰসংগ উল্লেখ কৰি কয় যে মহুৱা মৈত্ৰৰ শুনানিৰ সময়ত পেনেলৰ সদস্যসকলে 'দুৰ্যোধন'ৰ দৰে উপভোগ কৰি থকাৰ সময়ত অধ্যক্ষগৰাকী 'ধৃতৰাষ্ট্ৰ'ৰ দৰে বহি আছিল । তেওঁ নাৰী সবলীকৰণ সন্দৰ্ভত 'ফোঁপোলা বিবৃতি' দিয়াৰ বাবে বিজেপিক আক্ৰমণ কৰি কয় যে পেনেলে এগৰাকী নিৰ্বাচিত মহিলা সাংসদক তেওঁৰ বিৰুদ্ধে ধনৰ বিনিময়ত প্ৰশ্ন অভিযোগৰ শুনানিৰ সময়ত অপমান কৰিছে ।

"বিজেপিয়ে নাৰী সবলীকৰণ আৰু নাৰীৰ নিৰাপত্তাৰ ওপৰত ডাঙৰ ডাঙৰ ভাষণ দিয়ে । কিন্তু আজি পেনেলত থকা বিজেপি সদস্যসকলৰ লগতে কেন্দ্ৰীয় মন্ত্ৰীসকল দুৰ্যাধনৰ দৰে বহি আছিল আৰু অধ্যক্ষই অন্ধ ধৃতৰাষ্ট্ৰৰ দৰে বহি থাকি মহুৱা মৈত্ৰক ব্যক্তিগত প্ৰশ্ন সোধাৰ সময়ত তেওঁলোক সকলোৱে সেয়া উপভোগ কৰি আছিল ।" পাঞ্জাই এক সংবাদমেলত কয় । উল্লেখ্য যে মহুৱা মৈত্ৰই বৃহস্পতিবাৰে নৈতিকতা পেনেল সভাৰ পৰা ওলাই যায় । তেওঁৰ সৈতে ওলাই যোৱাসকলৰ ভিতৰত আছিল বিএছপিৰ সাংসদ দানিশ আলী, জনতা দলৰ (ইউনাইটেড) সাংসদ গিৰিধাৰী যাদৱ আৰু কংগ্ৰেছৰ সাংসদ উত্তম কুমাৰ ৰেড্ডী ।

নৈতিকতা পেনেলৰ বিৰুদ্ধে এগৰাকী নিৰ্বাচিত মহিলা সাংসদক অপমান কৰাৰ অভিযোগ উত্থাপন কৰি পশ্চিমবংগৰ মন্ত্ৰীগৰাকীয়ে প্ৰশ্ন কৰে যে এইটো নৈতিক নে 'অনৈতিক' পেনেল । "আপোনালোকে এগৰাকী নিৰ্বাচিত মহিলা সাংসদক অপমান কৰিছে । ই আপোনালোকৰ নিম্ন মানসিকতাক প্ৰকাশ কৰে । এইটো এক নৈতিকতা পেনেল নে এক অনৈতিক পেনেল ?" পাঞ্জাই কয় ।

আনহাতে, লোকসভাৰ নৈতিক সমিতিৰ অধ্যক্ষ বিনোদ সোনকাৰে কয় যে বিজেপিৰ নিশিকান্ত ডুবেয়ে তেওঁৰ বিৰুদ্ধে উত্থাপন কৰা 'ধনৰ বিনিময়ত প্ৰশ্ন' অভিযোগ সন্দৰ্ভত পেনেলৰ সন্মুখত জবানবন্দী দিয়াৰ পিছত তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰই তেওঁ তথা আন সদস্যসকলৰ বিৰুদ্ধে 'অসংসদীয় শব্দ' ব্যৱহাৰ কৰিছিল ।

সোনকাৰে এইটোও কয় যে সমিতিৰ বৈঠক পুনৰ অনুষ্ঠিত হ'ব আৰু তাত পৰৱৰ্তী পদক্ষেপৰ সিদ্ধান্ত লোৱা হ'ব । আনহাতে, সোনকাৰে বিৰোধী সদস্যসকলৰ অভিযোগ নাকচ কৰে । "উত্তৰ দিয়াৰ পৰিৱৰ্তে, তেওঁৰ (মহুৱা মৈত্ৰ) খং উঠিছিল আৰু অধ্যক্ষ আৰু সমিতিৰ সদস্যসকলৰ প্ৰতি অসংসদীয় ভাষা ব্যৱহাৰ কৰিছিল । দানিশ আলী, গিৰিধাৰী যাদৱ আৰু অন্যান্য বিৰোধী সাংসদসকলে সমিতিখনক অভিযুক্ত কৰিবলৈ চেষ্টা কৰিছিল আৰু বাহিৰলৈ ওলাই গৈছিল । সমিতিখনে এই সন্দৰ্ভত আলোচনা কৰিব ।" তেওঁ কয় ।

উল্লেখ্য যে মহুৱা মৈত্ৰই ডুবেৰ দ্বাৰা উত্থাপিত 'ধনৰ বিনিময়ত প্ৰশ্ন'ৰ অভিযোগৰ সন্মুখীন হৈছে । তেওঁ অভিযোগ কৰিছিল যে তৃণমূলৰ সাংসদগৰাকীয়ে আদানি গ্ৰুপক লক্ষ্য কৰি সংসদত প্ৰশ্ন উত্থাপন কৰিবলৈ ডুবাইস্থিত ব্যৱসায়ী হিৰানন্দনীৰ পৰা উৎকোচ লৈছিল ।

লগতে পঢ়ক :Telangana Elections 2023 : ৱাইএছআৰ তেলেংগানা পাৰ্টীয়ে নিৰ্বাচনত অংশগ্ৰহণ নকৰে; ঘোষণা সভাপতি ৱাইএছ শৰ্মিলা ৰেড্ডীৰ

ABOUT THE AUTHOR

...view details