শেহতীয়াকৈ ই পি এফ অ'ৰ দ্বাৰা প্ৰকাশিত এক গেজেট নটিফিকেশ্যন মতে, মৃত্যু বীমাৰ আদায়ৰ বাবদ আগতে থকা সৰ্বনিম্ন ২ লাখ টকাৰ পৰা ২.৫ লাখ টকালৈকে বৃদ্ধি কৰা হৈছে আৰু একেদৰে সৰ্বোচ্চ আদায়ৰ বাবদ প্ৰচলিত ৬ লাখ টকাৰ পৰা এই ধনৰাশি ৭ লাখ টকালৈ বৃদ্ধি কৰা হৈছে । প্ৰকাশিত নটিফিকেশ্যন মতে, এই বৰ্ধিত হাৰ ২৮ এপ্ৰিল ২০২১ চনৰ পৰা তিনি বছৰলৈ একে ধৰণেই বাহাল থাকিব ।
কৰ্মচাৰীৰ আমানত জড়িত বীমা আঁচনি কি?
কেন্দ্ৰীয় চৰকাৰে ১৯৭৬ চনত কৰ্মচাৰীৰ আমানত জড়িত বীমা আঁচনি (employees deposit linked insurance) ৰূপায়ন কৰিছিল ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীসকলৰ পৰিয়ালৰ বাবে, যাৰ দ্বাৰা কৰ্মচাৰী জনৰ মৃত্যু হ'লে বা তেনে ধৰণৰ পৰিস্থিতিৰ সময়ত পৰিয়ালটোক আৰ্থিকভাৱে সহায় কৰিব পৰা যায় । এই আঁচনি ই পি এফ অ'ৰ লগত জড়িত সকলো কৰ্মচাৰীৰ বাবে প্ৰযোজ্য ।
এই আঁচনিৰ লগত জড়িত হোৱাৰ বাবে কৰ্মচাৰী জনে একো খৰচ কৰিব নালাগে । কিন্তু নিয়োগ কৰ্তাজনে সামান্য বৰঙণি দিব লাগে । এই আঁচনি ব্যক্তিগত খণ্ডৰ সকলো অনুষ্ঠানৰ বাবে জৰুৰী নহয় । যদি কোনো প্ৰতিষ্ঠানে নিজৰ কৰ্মচাৰীৰ বাবে জীৱন বীমা আঁচনি গ্ৰহণ কৰে, তেনেহলে সেই প্ৰতিষ্ঠানৰ বাবে এই আঁচনি প্ৰযোজ্য নহ'ব পাৰে । পৰিসংখ্যা অনুসৰি আমাৰ দেশৰ ই পি এফ অ'ৰ লগত জড়িত ৫ কোটি কৰ্মচাৰীৰ মাত্ৰ ২০ লাখ;কৰ্মচাৰীহে এই আঁচনিৰ লগত জড়িত ।